ETV Bharat / state

ঐতিহাসিক লাচিত মৈদামত বীৰ লাচিত বৰফুকনৰ মৃত্যু দিৱস পালন - lachit barphukan death anniversary in teok

অসমৰ ইতিহাত চিৰস্মৰণীয় এক নাম লাচিত বৰফুকন । আজি লাচিত বৰফুকনৰ মৃত্য়ু দিৱস । পোন প্ৰথমবাৰৰ বাবে ঐতিহাসিক লাচিত মৈদামত লাচিত মৈডাম সংৰক্ষণ সমিতি আৰু ৰাইজৰ সহযোগত জাতীয় বীৰ লাচিত বৰফুকনৰ মৃত্যু দিৱস পালন কৰা হয় (Lachit Barphukan death anniversary in Teok) ।

lachit barphukan death anniversary in teok
ঐতিহাসিক লাচিত মৈদামত পালন বীৰ লাচিত বৰফুকনৰ মৃত্যু দিৱস
author img

By

Published : Apr 26, 2022, 5:01 PM IST

টীয়ক,২৬ এপ্ৰিল: টীয়কত লাচিত বৰফুকনৰ মৃত্য়ু দিৱস পালন। পোন প্ৰথমবাৰৰ বাবে লাহদৈগড়স্থিত ঐতিহাসিক লাচিত মৈদামত পালন কৰা হয় মৃত্যু দিৱসটি(Lachit Barphukan death anniversary in Teok) । মৃত্যু দিৱসৰ লগত সংগতি ৰাখি লাচিত মৈডাম সংৰক্ষণ সমিতি আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠান ।

ঐতিহাসিক লাচিত মৈদামত পালন বীৰ লাচিত বৰফুকনৰ মৃত্যু দিৱস

টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত মৈডামৰ প্ৰাংগণৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুস্থিত কৰা হয় এই অনুষ্ঠান । কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তুফেল জিলানীয়ে আঁতধৰা উক্ত অনুষ্ঠানত লাচিত মৈডাম সংৰক্ষণ সমিতিৰ সভাপতি হৰেন বৰুৱা, বিশিষ্ট বুৰঞ্জীবিদ ড° দয়ানন্দ বৰগোহাঁই, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে ।

উক্ত অনুষ্ঠানটিত জিলা উপায়ুক্তগৰাকীয়ে উদ্বোধন কৰি লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা শ্ৰদ্ধাৰে স্মৰণ কৰে । ইফালে উক্ত অনুষ্ঠানৰ সমান্তৰালকৈ মৈডাম প্ৰাংগণতে ধৰ্মীয় ৰীতিনীতিৰে ফুৰালুং পূজা সম্পন্ন কৰি জাতীয় বীৰজনাক সকলোৱে স্মৰণ কৰে ।

লগতে পঢ়ক: আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.