ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীত টীয়কত কৃষক মুক্তিৰ সংবাদমেল

author img

By

Published : Aug 20, 2020, 10:23 PM IST

টীয়কত কৃষক মুক্তিৰ সংবাদমেল ৷ 'কা' সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান সংগঠনটোৰ ৷ লগতে, জুবিন গাৰ্গ সন্দৰ্ভতো মন্তব্য সংগঠনটোৰ ৷

KMSS PRESS MEET ON RELEASE TO AKHIL GOGOI
অখিল গগৈক মুক্তিৰ দাবীত টীয়কত কৃষক মুক্তিৰ সংবাদমেল

টীয়ক, 20 আগষ্ট : বৃহস্পতিবাৰে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ টীয়কস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত 'কা' বিৰোধী নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰ উপস্থিত হৈ এক সংবাদমেল সম্বোধন কৰে । উক্ত সংবাদমেলত নেতা গৰাকীয়ে কয় যে, কোনো কাৰণতে 'কা' মানি লোৱা নহ'ব লগতে, কৃষক নেতা অখিল গগৈৰ মুক্তিৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰিছে সংগঠনটোৱে ৷

আনহাতে, জনপ্ৰিয় অভিনেতা যতীন বৰাৰ স্থিতি সম্পৰ্কত নেতাগৰাকীয়ে কয় যে, যতীন বৰা চৰকাৰী এজেন্ট, নিজ স্বাৰ্থ পূৰাবলৈ অসমৰ ৰাইজৰ আবেগক ভৰিৰে মুহাৰিছে তেওঁ ৷ লগতে, জুবিন গাৰ্গক চৰকাৰে ব্যৱহাৰ কৰি যুৱ প্ৰজন্মক চৰকাৰৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলোৱা বুলিও নেতা গৰাকীয়ে মন্তব্য কৰে ৷

ইয়াৰ উপৰিও, এনেবোৰ কৰ্মৰাজিয়ে 'কা' বিৰোধী আন্দোলনত কোনো প্ৰভাৱ নেপেলাই কেৱল কৰ'ণাৰ ভয়াবহতাৰ বাবেহে আন্দোলনৰ গতি কিছু হ্ৰাস পাইছে বুলি মন্তব্য কৰিছে নেতা গৰাকীয়ে ৷ অনাগত দিনত জাতিক বচাবলৈ অসমৰ ৰাইজক 'কা' ৰ বিৰুদ্ধে থিয় হ'বলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে, আগন্তক বিধানসভা নিৰ্বাচনত কোনো কাৰণতে বিজেপি দলক পুনৰ গাডীলৈ আহিবলৈ নিদিয়ে বুলিও মত প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷ লগতে, বিজেপিক প্ৰতিহত কৰিবলৈ এটা ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ পোষকতা কৰে আৰু ইতিমধ্যে ইয়াৰ আলোচনা চলি আছে বুলি জানিবলৈ দিয়ে নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : কৰ’ণাৰ বাবে বাতিল জামুগুৰিহাটৰ ২২৫ বছৰীয়া কালীয় দমন ভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.