ETV Bharat / state

Toll Gate in Assam:ৰঙামাটিত টোলগেট স্থাপনৰ বিৰোধিতা কৃষক মুক্তিৰ - ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ

শীঘ্ৰে ৰঙামাটি টোলগেটত কৰ দিবলৈ সাজু হওক জনসাধাৰণ । টোল গেট স্থাপনক লৈ কৃষক মুক্তি আৰু ছাত্র মুক্তি তীব্ৰ প্ৰতিবাদ । ৩৭ নং ৰাষ্টীয় ঘাইপথত পুনৰ আন এখন টোলগেট নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ।

Toll Gate in Assam
অসমত টোলগেটৰ বিৰোধিতা
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:36 PM IST

অসমত টোলগেটৰ বিৰোধিতা

যোৰহাট, ২৯ আগষ্ট:গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্থাপন কৰা টোলগেটখনৰ কাম প্ৰায় ৯৫ শতাংশই সম্পূৰ্ণ হৈছে ৷ ইয়াকে লৈ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । মঙলবাৰে টোলগেটখন বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । যিকোনো মুহুৰ্ততে উজনি-নামনিৰ যাত্ৰীসকলে টোল কৰ দিব লাগিব ৰঙামাটিৰ এই টোলগেটত ।

প্ৰতিবাদকাৰী নেতাসকলে অভিযোগ উত্থাপন কৰি কয় যে,নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা হৈছে ৰঙামাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই টোলগেটখন । তথ্য জনা অধিকাৰ আইনৰ তথ্য মতে, সমগ্ৰ দেশৰ ১৮৯ খন টোলগেট আইন বহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰ হৈছে আৰু ইয়াৰে চাৰিখন টোলগেট অসমৰ । ইফালে,পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সদনৰ মজিয়াত কৈছিল যে ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেটসমূহৰ দূৰত্ব ৬০ কিলোমিটাৰৰ ব্যৱধান হোৱাটো বাঞ্ছনীয় ৷

৬০ কিলোমিটাৰতকৈ কম দূৰত্বত দুখনকৈ টোলগেট কেতিয়াও স্থাপন কৰিব নোৱাৰিব বুলি মন্ত্ৰী নীতিন গাডকাৰীয়ে সদনৰ মজিয়াত উল্লেখ কৰাৰ পিচতো ৰঙামাটিত টোলগেটখন স্থাপন কৰা হৈছে । ৰঙামাটি আৰু ৰঙাজান মাজৰ ব্যৱধান ৬০ কিলোমিটাৰতকৈও কম হোৱা স্বত্বেও দুখনকৈ টোলগেট কিয় নিৰ্মাণ কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী নেতাসকলে ৷ তেওঁলোকে পুনৰ কয় যে এয়া সম্পূৰ্ণ আইন বহিৰ্ভূত । ইফালে,পৌৰ এলেকাৰ ১০ কিলোমিটাৰ ব্যৱধানত কোনো টোলগেট স্থাপন কৰিব নোৱাৰে । কিন্তু ৰঙামাটি টোলগেট পৌৰ এলেকাৰ ৭ কিলোমিটাৰ ব্যৱধানতহে আছে । প্ৰতিবাদকাৰীসকলে কয় যে সকলো আইন উলংঘা কৰি বিজেপি চৰকাৰে এনেদৰে কৰৰ উপৰি কৰ জাপি দিছে সাধাৰণ খাটি খোৱা জনতাৰ ওপৰত । সেয়ে ৰঙামাটিত স্থাপন কৰা এই টোলগেট বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে শীঘ্ৰে ৰঙামাটি টোলগেটখন বন্ধ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক:Bhupen Borah slams BJP: বিজেপিয়ে পদুলিয়ে পদুলিয়ে টোলগেট বহুওৱাৰ শংকাত ভুগিছে ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.