ETV Bharat / state

Kidnap in Titabor: ব্যৱসায়ীক প্ৰতিস্থানত কৰ্মৰত কৰ্মচাৰীক দুৰ্বৃত্তৰ অপহৰণ

author img

By

Published : Oct 8, 2022, 11:56 AM IST

তিতাবৰত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ ব্যৱসায়ীক প্ৰতিস্থানত কৰ্মৰত এগৰাকী কৰ্মচাৰীক অপহৰণ কৰিলে দুৰ্বৃত্তৰ দলে(Kidnapped case in Titabor) ।

Kidnapped case in Titabor
বজাৰৰ পৰা উলটি অহাৰ সময়তে দুৰ্বৃত্তৰ অপহৰণ

তিতাবৰ,8 অক্টোবৰ: তিতাবৰত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড । তিতাবৰৰ বোকাহলাত সংঘটিত হৈছে এই অপহৰণ কাণ্ডটো(Kidnapped case in Titabor) । বোকাহলাৰ ফাৰ্নিচাৰ বনোৱা এটা কাৰখানাত কৰ্মৰত এজন কৰ্মচাৰীক অপহৰণ কৰে দুৰ্বৃত্তৰ দলে ।

বজাৰৰ পৰা ঘূৰি অহা অৱস্থাত এটুকুৰা নিজান স্থানত পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তৰ এটা দলে টানি আজুৰি গাড়ীত উঠাই কৰ্মচাৰীজনক ৷ তাৰ পাছতেই গাড়ীখন গতি কৰে যোৰহাটৰ দিশে ৷ প্ৰত্যক্ষদৰ্শী ৰাইজে চিঞৰ-বাখৰ কৰে যদিও আন্ধাৰৰ সুযোগ লৈ গাড়ীখন পলায়ন কৰিবলৈ সক্ষম হয় । যুৱকজনৰ নাম মহম্মদ আৰিফ বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷ অৱশ্যে আৰক্ষীৰ তৎপৰতাৰ ফলত কম সময়ৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে অপহৃতজনক ৷ লগতে চিনামৰা অঞ্চলত কৰায়ত্ব কৰা হৈছে দুৰ্বৃত্তৰ দলটোক ৷ অপহৰণকাৰীকেইটাক কৰায়ত্ব কৰি চিনামৰা আৰক্ষী থানাত সোধ-পোচ অব্যাহত ৰাখিছে তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি সিংহাই ৷

কোনে কিয় অপহৰণ কৰিলে সেয়া বৰ্তমানলৈ পোহৰলৈ অহা নাই ৷

লগতে পঢ়ক: পয়ালগা অৱস্থাত এটি গুৰুত্বপূৰ্ণ সংযোগী পথ: নিৰ্বিকাৰ ভূমিকাত জনপ্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.