ETV Bharat / state

খুমটাইত প্ৰশাসনৰ উদ্যোগত পেঞ্চন আচঁনিক লৈ সজাগতা সভা - chinatoli

খুমটাইৰ চিনাতলি নাট্য মন্দিৰ প্ৰাঙ্গনত গোলাঘাট জিলা প্ৰশাসন আৰু কেন্দ্ৰীয় উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় । প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান ধন অসংগঠিত শ্ৰমিকৰ পেঞ্চন আচঁনি সন্দৰ্ভত জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে শনিবাৰে এই সজাগতা সভাখন আয়োজন কৰা হৈছিল ।

Khumtai awareness program
পেঞ্চন আচঁনিক লৈ সজাগতা সভা
author img

By

Published : Jun 20, 2020, 8:29 PM IST

খুমটাই,২০জুন: "যাৰ শ্ৰমেই দেশৰ আধাৰ, সেই শ্ৰমিকৰ পেঞ্চন সপোন সাকাৰ" এই কথাশাৰীকে মূল মন্ত্ৰ হিচাপে লৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিখন জিলাতেই এই আচঁনিৰ কাম কাৰ্যকৰী কৰিছে । শনিবাৰে খুমটাইৰ চিনাতলী নাট্য মন্দিৰ প্ৰাঙ্গনত গোলাঘাট জিলা প্ৰশাসন আৰু কঠালগুৰি উন্নয়ন খণ্ডৰ উদ্যোগত প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান ধন অসংগঠিত শ্ৰমিকৰ পেঞ্চন আচঁনিৰ এখন সজাগতা সভা অনুষ্ঠিত হৈ যায় ।

Khumtai awareness program
খুমটাইত প্ৰশাসনৰ উদ্যোগত পেঞ্চন আচঁনিক লৈ সজাগতা সভা

১৮ বছৰৰ পৰা ৪০ বছৰ বয়সলৈকে সকলো শ্ৰেণীৰ লোকে এই আচঁনিত অন্তৰ্ভুক্ত হব পাৰিব । এই আচঁনিত অন্তভুক্ত হিতাধীকাৰী সকলে ৬০ বছৰ বয়সৰ পৰা আজীৱন মাহে ৩,০০০ টকাকৈ পেঞ্চন লাভ কৰিবলৈ সক্ষম হব । সজাগতা সভাখনত খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া, DRDAৰ মূখ্য বিষয়া, কঠালগুৰি খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সমূহৰ সভাপতি, সম্পাদককে আদি কৰি সমূহ ৱাৰ্ডৰ সদস্য সকলেওঁ অংশগ্ৰহণ কৰে । অনুস্থানটোত দিয়া ভাষণত খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই কয় যে, এই আচঁনিৰ জৰিয়তে সকলো শ্ৰেণীৰ লোক উপকৃত হব । সেয়েহে সকলোকে এই আচঁনীত অন্তৰ্ভুক্ত হবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.