ETV Bharat / state

যোৰহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কাৰাটে লীগ - jorhat

যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় কাৰাটে লীগ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতা খনত জেতবন বেজবৰুৱাৰ দ্বাৰা ৰচিত প্ৰসেনজিৎ লাহনৰ সুৰে সম্বলিত এটা থিম ছংগো উন্মোচন কৰা হয় ৷

কাৰাটে লীগ প্ৰতিযোগিতা
কাৰাটে লীগ প্ৰতিযোগিতা
author img

By

Published : Dec 14, 2020, 10:04 PM IST

যোৰহাট, 14 ডিচেম্বৰ: যোৰহাটত তথা উজনি অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কাৰাটে লীগ প্ৰতিযোগিতা ৷ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰ শতাধিকৰো অধিক প্ৰতিযোগীয়ে ৷ আনহাতে জেতবন বেজবৰুৱাৰ দ্বাৰা ৰচিত প্ৰসেনজিৎ লাহনৰ সুৰেৰে এটি থিম ছংগো মুকলি কৰা হয় কাৰাটে লীগ প্ৰতিযোগিতা খনত ৷

যোৰহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কাৰাটে লীগ

নৱ প্ৰজন্মক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলবোৰ কেনে ধৰণৰ হয় তাৰ সৈতে চিনাকী কৰি দিয়াই তেওঁলোকৰ উদ্দেশ্য বুলি উল্লেখ কৰে এগৰাকী প্ৰশিক্ষকে ৷ সেই উদ্দেশ্য আগত ৰাখিয়েই কাৰাটে প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা বুলিও জানিবলৈ দিয়ে তেওঁ ৷ এই প্ৰতিযোগিতাখনত গুৱাহাটী, মৰিগাঁও, ডিব্ৰুগড়, মাজুলী আৰু যোৰহাটৰ প্ৰতিযোগী সকলৰ মাজত খেলখন অনুষ্ঠিত কৰা হয় বুলিও জনায় তেওঁ ৷ এই ক্ষেত্ৰত তেওঁলোকে ৰাইজৰ বিপুল সহাৰি লাভ কৰিছে ৷ যিয়ে অনাগত দিনত ইয়াতকৈয়ো অধিক সফল কাৰ্যসূচী গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকক প্ৰেৰণা যোগাইছে বুলি মন্তব্য কৰে প্ৰশিক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.