যোৰহাট, 5 জানুৱাৰী : যোৰহাটবাসীৰ বাবে সু-খবৰ । কিয়নো শ্ৰীঘ্ৰেই যোৰহাটত আৰম্ভ হ'ব টাই গবেষণা কেন্দ্ৰ আৰু সাংস্কৃতিক কেন্দ্র । যোৰহাটত নিৰ্মাণ হ'বলগীয়া টাই গবেষণা কেন্দ্ৰ আৰু সাংস্কৃতিক কেন্দ্ৰৰ মঙলবাৰে আধাৰশিলা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে যোৰহাটৰ বিধায়ক তথা অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস্থিত জয়া ভৱনৰ সন্মুখত প্ৰায় 50 লাখ টকাৰে নিৰ্মাণ হ'ব এই টাই গবেষণা কেন্দ্ৰ আৰু সাংস্কৃতিক কেন্দ্ৰৰ ।
যোৰহাটৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে আধাৰশিলাৰ অনুষ্ঠানত উপস্থিত থাকি যোৰহাটৰ ব্ৰহ্মপুত্ৰ পৰা আৰম্ভ হোৱা পানী যোগান আঁচনি সম্পূর্ণ কৰি তিনিখন পঞ্চায়তত প্ৰাৰম্ভিক অৱস্থাত দিয়াৰ ব্যৱস্থা কৰা, যোৰহাটৰ বিভিন্ন পথ সমূহ বহল কৰা, প্ৰায় 12 কোটি টকা ব্যয়ৰে শত বছৰ গৰকা যোৰহাট বাৰ এচ'ছিয়েচন নিৰ্মাণ কৰাৰ লগতে কংগ্ৰেছৰ দিনতে আৰম্ভ হোৱা চুকাফা কলাক্ষেত্ৰক পূৰ্ণাংগ ৰূপ প্ৰদান কৰাৰ কথা উল্লেখ কৰে ৷
লগতে পঢ়ক : আইএছএলত দুটাকৈ গ'লেৰে উজলিল হলিচৰণ নাৰ্জাৰী