ETV Bharat / state

তিতাবৰত প্ৰয়াত তৰুণ গগৈয়ে ৰোপন কৰা এডাল বকুল - সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

যোৰহাটত ২০০৯ চনতে ৰোপন কৰা এডাল বকুলে আজিও সোঁৱৰাই সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰ্মৰাজীয়ে ৷ তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা প্ৰয়াত তৰুণ গগৈ আছিল অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পিতামহ স্বৰূপ ।

jorhat tree story
তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জিৰণি লোৱা এডাল বকুল
author img

By

Published : Nov 30, 2020, 9:39 PM IST

যোৰহাট, 30 নৱেম্বৰ: তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা প্ৰয়াত তৰুণ গগৈ আছিল অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পিতামহ স্বৰূপ । চাৰিবাৰকৈ তিতাবৰ সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হোৱা গগৈৰ আছিল সমষ্টিটোৰ সৈতে এক আত্মীক সম্বন্ধ । তিতাবৰ সমষ্টিৰ প্ৰতিটো প্ৰান্তত আজিও বিৰাজমান সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰ্মৰাজী ।

তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জিৰণি লোৱা এডাল বকুল

তিতাবৰৰ এডাল বকুলে এতিয়াও সোঁৱৰাই সদ্য প্ৰয়াত প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীক ৷ অঞ্চলটোত এডাল বকুল গছ ৰোপন কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীয়ে ৷ ২০০৯ চনতে ৰোপন কৰা এই বকুল জোপা এতিয়া ডাঙৰ হ'ল । প্ৰায়েই তিতাবৰলৈ আহিলেই বকুল জোপাৰ তলত জিৰণি লৈছিল প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু এতিয়া আৰু কোনোদিনে এই বকুলৰ তললৈ জিৰণি ল'বলৈ নাহে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকী ৷ দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰে অভিজ্ঞ এজন স্বভাৱসুলভ হাঁহিমুখীয়া আৰু ৰাজ্যৰ ৰাজনীতিত সদা চৰ্চিত তৰুণ ব্যক্তিত্বৰ ব্যক্তিজন কায়িক ভাৱে নাথাকিলেও তেওঁৰ প্ৰাণৱন্ত হাঁহিটো,তেওঁৰ স্মৃতি বিজড়িত হৈ থকা কৰ্মৰাজীবোৰে প্ৰয়াত তৰুণ গগৈৰ অবৰ্তমানত বকুল ফুলজোপাৰ দৰে প্ৰতি পল সাধাৰণ জনতাৰ মাজত সুগন্ধী বিয়পাই থাকিব বুলি একাংশ স্থানীয় ৰাইজে মন্তব্য কৰে ৷

অন্য এক খবৰৰ বাবে: শিৱসাগৰত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.