যোৰহাট, 20 অক্টোবৰ : আকৌ প্ৰতিবাদত কম্পমান হ’ল ৰাজ্য (Protest in Assam) ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ কঁপি উঠিল যোৰহাট চহৰ (Protest in Jorhat) ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত এইবাৰ প্ৰতিবাদ নামিল ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷
অভিযোগ অনুসৰি, বিভিন্ন সমস্যাত এতিয়া কক-বকাইছে অসম ক্ষুদ্ৰ চাহ খেতিয়কসকল । এই সকল খেতিয়কৰ প্ৰতি কোনো গুৰত্ব নাই ৰাজ্য চৰকাৰৰ । ফলত ৰাজ্য চৰকাৰৰ অমনোযোগিতাৰ বাবে আজি বৃহৎ পুঁজিপতি চাহ বাগান মালিক আৰু কলঘৰ মালিকসকলে শোষণ কৰি আহিছে ৰাজ্যৰ ৰাজভঁৰাললৈ অনবদ্য অৱদান আগৱঢ়োৱা ক্ষুদ্ৰ চাহ খেতিয়কসকলক ।
যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল (Protest against Assam Govt at in front of Jorhat DC office) ৷
উপায়ন্তৰ হৈ পুঁজিপতিৰ শোষণত ভাৰাক্ৰান্ত ক্ষুদ্ৰ চাহ খেতিয়কসকলে বৃহস্পতিবাৰে সাব্যস্ত কৰে গণতান্ত্ৰিক প্ৰতিবাদ ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাট ষ্টেডিয়াম পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈকে ক্ষুদ্ৰ চাহ খেতিয়কসকলে বাহিৰ কৰে এক প্ৰতিবাদী সমদল ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ বিভিন্ন সমস্যা, কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান, ৰাসায়নিক সাৰ ৰেহাই মূল্যত প্ৰদান ইত্যাদিৰ দাবীত উত্তাল কৰে প্ৰতিবাদস্থলী ৷
লগতে পঢ়ক : Arunodoi Scheme Review Meeting: আঁচনিত বাদ পৰা হিতাধিকাৰীক পুনৰ অন্তৰ্ভুক্তিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
লগতে প্ৰতিবাদকাৰীসকলে চাহ বৰ্ডে দিয়া MBP ফেক্টৰীসমূহে নিজৰ মইমতালিৰে চলাই থকাৰো অভিযোগ উত্থাপন কৰে ৷ সেয়ে সকলোবোৰ বিষয় চালি-জাৰি চাই সত্যৰ সৈতে থিয় দিবলৈ প্ৰতিবাদকাৰীসকলে বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক দাবী জনায় ৷
লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে বান্ধি দিয়া দাবীসমূহ যথা সময়ত পুৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু যোৰহাট জিলা সমিতিৰ বহু বিষয়ববীয়াৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু ক্ষুদ্ৰ চাহ খেতিয়কেও অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : DC Keerthi Jalli visited Sontali School: উপায়ুক্ত কীৰ্তি জল্লীৰ খং