ETV Bharat / state

বানপানীৰ বাবে ৰাইজৰ ওচৰত হাত পতা চৰকাৰে ফিল্ম ফেয়াৰৰ বাবে ক'ত টকা পালে ?

author img

By

Published : Nov 29, 2019, 5:48 PM IST

সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে বহু বিস্ফোৰক তথ্য উত্থাপন কৰিলে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷ বিজেপি চৰকাৰৰ দিনত 566 টা গড় নিহত হোৱাৰ প্ৰসংগও উত্থাপন কৰে কংগ্ৰেছ নেতাজনে ৷

JORHAT RANA GOSWAMI PRESS MEET
সংবাদমেলযোগে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা ৰাণা গোস্বামীৰ

যোৰহাট, 29 নৱেম্বৰঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে শুকুৰবাৰে এক সংবাদমেলযোগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ নিৰ্বাচনৰ পূৰ্বে উন্নয়ণৰ ঢাক-ঢোল বজোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ফিল্ম ফেয়াৰৰ অনুষ্ঠানৰ নামত খৰচ কৰিবলৈ ওলোৱা ৩০ কোটি টকা কিয় নগাঁও আৰু কাছাৰৰ কাগজ কল দুটা উদ্ধাৰৰ বাবে ব্যৱহাৰ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন বিধায়কজনে ৷

কাজিৰঙাৰ গড় হত্যা সন্দৰ্ভত এক ভয়ংকৰ তথ্য উত্থাপন কৰে কংগ্ৰেছ নেতাজনে ৷ ৰঞ্জন মেধি নামৰ ব্যক্তি এজনৰ RTIৰ তথ্য অনুসৰি বৰ্তমান চৰকাৰৰ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৫৬৬ টা গড় হত্যা কৰা হৈছে ৷ কিন্তু চৰকাৰে গোপনে ৰাখিছে এই তথ্য ৷ এই তথ্য বিধানসভাত উত্থাপন কৰিব লাগে আৰু গড় হত্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ আগত শ্বেত-পত্ৰ দাখিল কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে এই সন্দৰ্ভত CBI ৰ তদন্তৰ দাবী উত্থাপন কৰে ৰাণা গোস্বামীয়ে ৷ নেতাজনে লগতে ৰাজ্যৰ পৰ্যটন বিভাগে প্ৰিয়ংকা চোপ্ৰাৰ নামত ২ কোটি ৩৭ লাখ টকা খৰছ কৰাৰ ফলাফল কি হ'ল বুলিও প্ৰশ্ন কৰে পৰ্যটন বিভাগক ৷

লগতে পঢ়কঃ হায়দৰাবাদত ধৰ্ষণ কৰি জ্বলাই দিয়া হ'ল মহিলা পশু চিকিৎসককঃ আৰক্ষীৰ জালত চাৰি হত্যাকাৰী

যোৰহাটৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সংবাদ মেল।।

সংবাদ মেলত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ বিষ্ফোৰক মন্তব্য।।

নিৰ্বাচনৰ পূৰ্বে উন্নয়নৰ ঢাক ঢোল বজোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ দুটা কাগজ কল নগাঁও আৰু কাছাৰৰ কল দুটা পুনৰ উজ্জীৱিত কৰা কথা আছিল যদিও কিয় আজি নিলাম কৰিবলগীয়া হল।ফ্লিমফেয়াৰ এৱাড টাইমছ গ্ৰুপে প্ৰত্যেক বছৰেই মায়ানগৰী মুম্বাইত অনুষ্ঠিত কৰি আহিছে।এইবাৰ কিয় অসমত ৩০ কোটি টকা সহায়ৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলৈ দিলে।সেই ৩০ কোটিৰে দুটাকৈ কাগজ কল উদ্ধাৰ কৰিব নোৱাৰে।

আনহাতে সংবাদ মেলত বিধায়ক গৰাকীয়ে বিষ্ফোৰক মন্তব্য কৰি কয়।। ৰঞ্জন মেধিৰ RTI তথ্য অনুসৰি বৰ্তমান চৰকাৰৰ দিনত অসমৰ ঐতিহ্য বহন কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড় ৫৬৬ টা নিহত হৈছে।কিন্তু কিয় চৰকাৰে এই তথ্য ৰাজ্য চৰকাৰে লুকুৱাই ৰাখিছিল।এই তথ্য বিধান সভাৰ অধিবেশনত দাখিল কৰিব লাগে আৰু এই সমগ্র গড় হত্যাৰ সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শ্বেত প্ৰত্ৰ দাখিল কৰিব লাগে ৰাইজৰ আগত।আনহাতে ৫৬৬ টা গড় হত্যা সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে CBI ৰ তদন্ত দাবী উস্থাপীত কৰিছে।

প্ৰাক্তন বিধায়ক জনৰ আন এক বিষ্ফোৰক মন্তব্য
ইকনমিক্স টাইমছৰ ৰিৰ্পট অনুসৰি ৰাজ্য চৰকাৰে প্ৰিয়ংকা চোপ্ৰাক ৰাজ্যৰ পয্যটণ বিভাগৰ ব্ৰেন্ড এম্বেচাদৰ হিচাপে এতিয়া লৈকে ২ কোটি ৩৭ লাখ টকা খৰছ কৰিছে।কিন্তু তাৰ ফলত ৰাজ্যখনৰ পয্যটণৰ কি উন্নয়নৰ হল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.