যোৰাহাট, 16 জুলাই : জুলি ঘাটোৱাৰৰ হত্যাকণ্ডৰ মূল অভিযুক্তক ইতিমধ্যে আটক কৰিছে যোৰহাট আৰক্ষীয়ে ৷ 13 জুলাইত গটঙা চাহ বাগিচাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ জুলি ঘাটোৱাৰ নামৰ এগৰাকী যুৱতীক ডিঙি চেপি হত্যা কৰি আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰিছিল হত্যাকাৰীয়ে ৷
উক্ত হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ৰাখী ঘাটোৱাৰ ৷ হত্যাকাণ্ড সংঘটিত কৰাৰ পাচতে পলাতক হৈ আছিল ৰাখী ঘাটোৱাৰ ৷ ইতিমধ্যে ৰাখী ঘাটোৱাৰক আটক কৰিছে যোৰহাট আৰক্ষীয়ে ৷ বাচিপথাৰৰ পৰা আটক কৰা হৈছে ৰাখী ঘাটোৱাৰক ৷
উল্লেখ্য যে, অন্তঃসত্বা আছিল নিহত জুলি ঘাটোৱাৰ ৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে জুলি ঘাটোৱাৰ অন্তঃসত্বাক লৈয়ে জুলি আৰু ৰাখী ঘাটোৱাৰৰ মাজত মতানৈক্য সংঘটিত হৈছিল ৷ জুলি ঘাটোৱাৰ অন্তঃসত্বাক মানি ল'ব খোজা নাছিল ৰাখী ঘাটোৱাৰে ৷ যাৰ ফলত দুয়োৰে প্ৰায়ে কাজিৰাৰ সূত্ৰপাত হৈছিল ৷
তদুপৰি আৰক্ষীয়ে সদৰি কৰা মতে ৰাখী ঘাটোৱাৰ আৰু জুলি ঘাটোৱাৰৰ মাজত কোনো বৈবাহিক সম্পৰ্ক নাছিল ৷ কিন্তু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ লগতে দুয়োৰে মাজত অবৈধভাৱে শাৰীৰিক সম্পৰ্ক গঢ়ি উঠিছিল বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে ৷
তেওঁলোকৰ সংঘাতে এনে পৰ্যায় পাই যে অৱশেষত জুলি ঘাটোৱাৰক ডিঙি চেপি হত্যা কৰে ৰাখী ঘাটোৱাৰে ৷ ৰাখীয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ দোষ স্বীকাৰ কৰিছে বুলি জানিবলৈ দিছে যোৰহাট আৰক্ষীয়ে ৷ ৰাখী ঘাটোৱাৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে ৷
লগতে পঢ়ক: মৰিগাঁও ধৰ্ষণ কাণ্ড : ফৰেনচিক ৰিপ’ৰ্টত প্ৰমাণিত পাঠাৰ DNA