ETV Bharat / state

যোৰহাট-মাজুলীৰ মাজত যোগাযোগ বিচ্ছিন্ন

author img

By

Published : Jul 20, 2020, 4:22 PM IST

যোৰহাটৰ নিমাটিঘাটত পুনৰ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ যাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজত বিচ্ছিন্ন হৈছে ফেৰী সেৱা ৷ কেৱল অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কঢ়িওৱা ফেৰী সমূহ চলাচল কৰাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ সোমবাৰৰ দিনটোত অধিক বৃদ্ধি পাইছে জলপৃষ্ঠ ।

JORHAT NIMATIGHAT FLOOD AGAIN RISE
যোৰহাট-মাজুলিৰ মাজত যোগাযোগ বিচ্ছিন্ন

যোৰহাট, 20 জুলাই : ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে নৈৰ জলপৃষ্ঠ ৷ বৃদ্ধি হোৱা জলপৃষ্ঠাই বুৰাই পেলাইছে উজনি-নামনিৰ বিস্তৰ অঞ্চল ৷ যোৰহাটৰ নিমাটিঘাটত পুনৰ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ যাৰ বাবে যোৰহাট আৰু মাজুলীৰ মাজত বিচ্ছিন্ন হৈছে ফেৰী সেৱা ৷

যোৰহাট-মাজুলিৰ মাজত যোগাযোগ বিচ্ছিন্ন

জানিব পৰা মতে,বিপদসীমা অতিক্ৰম কৰিছে বাঢ়নি পানীয়ে । যাৰ বাবে কেৱল অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কঢ়িওৱা ফেৰী সমূহ চলাচল কৰাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷ নিমাটিঘাট অঞ্চলৰ বহু কেইখন কাষৰীয়া গাঁৱত ব্ৰহ্মপুত্ৰৰ পানী ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছে । বিগত দিনত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পায় আহিছিল যদিও সোমবাৰৰ দিনটোত অধিক বৃদ্ধি পাইছে জলপৃষ্ঠ। অঞ্চলটোৰ নাম ককিলা,ভিতৰ ককিলা,ডাইনী গাঁও,চাৰি গাঁও চাপৰি বৰ্তমান পানীৰ কবলত পৰিছে ৷ বিগত সময়ছোৱাত যদি পুনৰ জলপৃষ্ঠ বৃদ্ধি পাই তেতিয়াহ'লে উক্ত অঞ্চল সমূহত পানীয়ে পুনৰ সংহাৰ সৃষ্টি কৰাৰ সন্দেহ কৰিছে ৰাইজে ৷

উল্লেখযোগ্য যে,বৰ্তমানলৈ অসমত 30 খন জিলা বানপানীত আক্ৰান্ত হৈছে ৷ 30 খন জিলাৰ 126 টা ৰাজহ চক্ৰৰ বিপৰীতে বানত বুৰ গৈছে 5,133 খন গাঁও ৷ ৰাজ্যত বানৰ দ্বাৰা প্ৰভাৱিত হৈছে প্ৰায় 54, 42,908 গৰাকী লোক ৷ লগতে 2,50,416.90 হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 564 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 1,45,648 গৰাকী বানাক্ৰান্তই ৷

লগতে পঢ়ক : আগন্তুক তিনিদিনলৈ বন্ধ নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ আন্তঃ-বহিঃ বিভাগৰ চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.