ETV Bharat / state

অন্ধকাৰ যোৰহাটঃ অকৰ্মণ্য পৌৰসভা

author img

By

Published : Jun 28, 2019, 9:37 AM IST

Updated : Jun 28, 2019, 1:22 PM IST

19 টাকৈ বাৰ্ডৰে গঠিত পৌৰসভাখনে বিগত সময়ছোৱাত যোৰহাট চহৰখনৰ ষ্ট্ৰীট লাইট সমূহ জ্বলাবলৈ সক্ষম ন'হল । যোৰহাট পৌৰসভাৰ 19 টা বাৰ্ডৰ বিধ্বস্ত বাট-পথ আৰু নলা-নৰ্দমা সমস্যাৰ লগতে সৰহ সংখ্যক বাৰ্ডতে নাই ষ্ট্ৰীট লাইটৰ ব্যৱস্থা ৷

পৌৰপতি অবিহনে চলিছে যোৰহাট পৌৰসভা

যোৰহাট, 28 জুন: ৰাজ্যৰ এখন অন্যতম পৌৰসভা যোৰহাট পৌৰসভা ৷ শেহতীয়াকৈ এই পৌৰসভাৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে কৰদাতা ৰাইজক ৷ কিয়নো স্থায়ী পৌৰপতি অবিহনেই কাৰ্যকাল শেষ হ'বলৈ মাজত মাথো কেইটামান মাহ বাকী থকা পৰ্যন্ত চলিলে এই পৌৰসভাখন ৷ পাঁচ বছৰ পূৰ্বে যোৰহাটৰ কৰদাতা ৰাইজে বহু আশাৰে সমতালৈ আনিছিল বিজেপি পৌৰসভা ৷ কিন্তু বিগত সময়চোৱাত এই বিজেপিৰ পৌৰসভাখনে নিজৰ মাজত খোৱা-কামোৰা কৰিয়ে দিন পাৰ কৰাৰ অভিযোগ ৰাইজৰ । 19 টাকৈ বাৰ্ডৰে গঠিত পৌৰসভাখনে বিগত সময়ছোৱাত যোৰহাট চহৰখনৰ ষ্ট্ৰীট লাইট সমূহ জ্বলাবলৈ সক্ষম নহ’ল । যোৰহাট পৌৰসভাৰ 19 টা বাৰ্ডৰ বিধ্বস্ত বাট-পথ আৰু নলা-নৰ্দমা সমস্যাৰ লগতে সৰহ সংখ্যক বাৰ্ডতে নাই ষ্ট্ৰীট লাইটৰ ব্যৱস্থা । ষ্ট্ৰীট লাইট ব্যৱস্থা নথকাৰ ফলত সন্ধিয়াৰ লগে লগেই নগৰখনৰ বিভিন্ন অঞ্চলত অপৰাধে গা কৰি উঠাৰো অভিযোগ উত্থাপন কৰে ৰাইজে । আনহাতে, পৌৰসভাৰ প্ৰতি সচতেন ৰাইজৰ অনুৰোধ সময় থাকোতে অঞ্চলটোত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিয়ক পৌৰসভাই ৷

নিশা হলে অন্ধকাৰে ছানি ধৰা এখন চহৰ।।বছৰটোৰ পূজাৰ সময়ত উজ্জ্বলি উঠে পথৰ কাষৰ লাইট।।কত এই আজৱ চহৰ ।।

কৈ শেষ কৰিব নোৱাৰা এখন পৌৰসভা।যোৰহাট পৌৰসভা।ৰাজ্যৰ অন্যতম পৌৰসভা।এতিয়া পৌৰসভাৰ শেহতীয়া কান্ড ই কৰদাতা ৰাইজক ভাল শিক্ষা দিছে।কাৰ্যকাল শেষ হবলৈ‌ মাজত মাথো কেইটামান মাহহে।স্হায়ী পৌৰপতি অবিহনে শেষ হবগৈ হয়তো কাৰ্যকাল।প্ৰায় পাচ বছৰ পূৰ্বে যোৰহাটৰ কৰদাতা ৰাইজে বহু আশা কৰি সমতালৈ আনিছিল বিজেপিৰ পৌৰসভাখন।কিন্তু বিগত সময়চোৱাত এই বিজেপিৰ পৌৰসভাখনে নিজৰ মাজত খোৱা-কামোৰা কৰিয়ে দিন পাৰ কৰিল।১৯ টাকৈ বাৰ্ডৰে গঠিত পৌৰসভাখনে বিগত সময়কনত যোৰহাট চহৰখনৰ ষ্ট্ৰীট লাইট সমূহ জ্বলাবলৈ সক্ষম নহল।যোৰহাট পৌৰসভাৰ ১৯ টা বাৰ্ডৰ বিধ্বস্ত বাট-পথ আৰু নলা-নৰ্দমা সমস্যাৰ লগতে সৰহ সংখ্যক বাৰ্ডতে ষ্ট্ৰীট লাইটৰ বেৱস্হা নাই।ষ্ট্ৰীট লাইট বেৱস্হা নথকাৰ ফলত সন্ধিয়াৰ লগে লগেই নগৰখনৰ বিভিন্ন অঞ্চলত নিত্য নতুন অপৰাধে গা কৰি উঠিছে।আনহাতে যি কেইটামান ষ্ট্ৰীট লাইট আছে তাৰে সৰহ সংখ্যক লাইট বিকল।পৌৰসভাৰ হাত থকা এই সুবিধা কন যোৰহাটৰ কৰদাতা ৰাইজে বাৰুকৈয়ে উপভোগ কৰিবলৈ সক্ষম হৈছে।যোৰহাটৰ সচেতন নাগৰিকৰ মতে দিনত সূৰ্যৰ পোহৰ আৰু নিশা জোনৰ পোহৰ হলেহে নিশা নগৰখন উজ্বলি উঠে।সচেতন ৰাইজৰ আনোৰূধ পৌৰসভাৰ প্ৰতি যদি পাৰে সময় হাতত থাকোটৈই কিবা এটা কৰক।নতুবা নিশাৰ যোৰহাট অপৰাধীৰ ৰম্যভুমিলৈ পৰিবৰ্তন হবগৈ।
Last Updated : Jun 28, 2019, 1:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.