ETV Bharat / state

পুনৰ উজ্জীৱিত হ'ব কৰঙাৰ কমাৰ শিল্প

author img

By

Published : Sep 23, 2019, 5:51 PM IST

ৰজাদিনীয়া ইতিহাস সমৃদ্ধ কৰঙাৰ কুটীৰ শিল্পও বহু কুটীৰ শিল্পৰ দৰেই ধ্বংস হৈছিল কালৰ গৰাহত ৷ বৰ্তমান এচাম স্থানীয় যুৱকৰ প্ৰচেষ্টাত পুনৰ ঠন ধৰি উঠিছে কুটীৰ শিল্পটোৱে ৷ ৰাজ্যসভাৰ সাংসদে আগবঢ়াইছে 14 লাখ টকাৰ অনুদান ৷

কুটীৰ শিল্পক পুনৰ উজ্জীৱিত কৰাৰ চেষ্টা

যোৰহাট , 23 চেপ্তেম্বৰঃ কথাতে কোৱা যায়, বোলে কৰঙাৰ ডাবেও কাটে । উন্নতমানৰ দা-কটাৰী নিৰ্মানেৰে আহোম ৰজা গদাধৰ সিংহৰ দিনতে স্থাপন হোৱা যোৰহাট জিলাৰ কৰঙাৰ কমাৰ শিল্পই ঐতিহাসিক দিনৰে পৰা অসমত অধিকাৰ কৰি আহিছে এক বিশেষ স্থান । আহোম স্বৰ্গদেউ সকলৰ দিনৰ পৰাই চলি অহা কৰঙাৰ এই শিল্পত বৰটোপ,হেংডাং আৰু তৰোৱাল আদিও নিৰ্মাণ কৰা হৈছিল ৷ এই কুটীৰ শিল্পত নিৰ্মিত ডাব কটাৰী এসময়ত বিখ্যাত হৈ পৰিছিল সমগ্ৰ অসমত । কিন্তু অসমৰ আন বহু কুটীৰ শিল্পৰ দৰেই কৰঙাৰ কুটীৰ শিল্পও ধ্বংস হৈছিল কালৰ ক্ৰমত ৷ কিন্তু নতুন চিন্তা , নতুন প্ৰচেষ্টাৰে এই শিল্পক পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে ওলাই আহিছে এজাক যুৱক ৷ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সহাঁৰিত অনুপ্ৰাণিত এচাম স্থানীয় যুৱকে প্ৰচেষ্টা চলাইছে শিল্পটোৰ হৃত গৌৰৱ ঘূৰাই অনাৰ ৷

কৰঙাৰ কমাৰ শিল্পক পুনৰ উজ্জীৱিত কৰাৰ চেষ্টা

কৰঙাৰ দাবেও বুলে কাটে।।একালৰ শিল্পৰ ঐতিহ্যৰ ৰক্ষাৰ যুজত এজাক যুৱক।।নতুন চিন্তা ধাৰাৰে বজাৰ দখল।।
চাওক আমাৰ এক প্ৰতিবেদন।।

পুৰনি অসমীয়া সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ আছিল দা-কটাৰী। বিশেষকৈ ঘৰ বন্ধা,খেতি পথাৰত জেওৰা আদি লগতে নিত্য দৈনিক ঘৰুৱা কামত অতিকৈ জৰুৰী দা খন বা কটাৰী।কিন্তু প্ৰকৃত লো ৰে নিৰ্মাণ নোহোৱাৰ ফলত মুল্যহীন হৈ পৰে এই দা-কটাৰী সমুহ।কিন্তু আহোম ৰজাৰ দিনৰ পৰাই যোৰহাটৰ কৰঙাৰ দা-কটাৰী ৰ চাহিদা বহু বেছি প্ৰভাৱিত আছিল।কিন্তু কালৰ ক্ৰমত হেৰুৱাই পেলোৱা কৰঙাৰ ঐতিহাসিক কমাৰ শিল্প আকৌ প্ৰাণ পাই উঠিছে।

কথাতে কয় কৰঙাৰ ডাবেও বুলে কাটে।হয় কৰঙাত নিৰ্মাণ হোৱা ডাব কটাৰী লগতে বিভিন্ন দৈনন্দিন জীৱনৰ প্ৰয়োজন দা-কটাৰী, কুঠাৰ, কলম-কটাৰী বৈশিষ্ট্য অন্যান্য।বৰ্তমানৰ সময়ত কৰঙাত আকৌ ক্ৰমান্বয়ে প্ৰাণ উঠিছে এই ঐতিহাসিক সাক্ষ্যৰ বহন কৰা শিল্পই।

কৰঙাৰ চছাইটিৰ মুখ্য কাৰিকৰী হিচাপে কাম কৰা ৮৭ বছৰীয়া শিৱ কলিতাই কয় যে এই কলা তথা শিল্প আহোম স্বৰ্গদেউ সকলৰ দিনৰ পৰাই চলি আহিছিল।বুৰঞ্জীৰ মতে বৰটোপ,হেংডাং আৰু তৰোৱাল ও নিৰ্মাণ কৰা হৈছিল কৰঙাত।কিন্তু সময়ৰ গতিত হেৰুৱাই পেলায় নিজৰ ৰূপ।কিন্তু ১৯৩৯ চনত বিষ্ণু ৰাম মেধিৰ নেতৃত্বত কৰঙাৰ নিপুণ কমাৰ শিল্প লগত জড়িত শিল্পী সকলক লগত লৈ কৰঙাৰ চছাইটিৰ অন্তৰ্ভুক্ত কৰি চলাই আহিছিল চৰকাৰে।
কিন্তু ১৯৭৫ চনৰ পৰা ক্ৰমাৎ ধংসৰ দিশলৈ গতি কৰাৰ ফলত কৰঙাৰ বৃহৎ অনুষ্ঠানটো নিশেষ হৈ পৰিছিল।কৰঙাৰ বয়োজেষ্ঠ শিল্পী শিৱ কলিতাই অতি আনন্দৰে জনাই যে এই শিল্পৰ ঐতিয্যমন্ডিত ইতিহাস।আমোহ ৰজাৰ দিনৰ শিল্প হেৰাই গৈছিল যদিও বৰ্তমানৰ নবপ্ৰজন্ম আগবাঢ়ি অহাটো অতি গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাখীত খৱৰ।পুনৰ ঠণ ধৰি উঠিব বিখ্যাত কৰঙাৰ কমাৰ শিল্প।।

byte-1

আনহাতে কোনো আধুনিক শিক্ষা গ্ৰহণ নকৰা তথা বংশানুক্ৰমে কৰঙাৰ এই নিপুণ শিল্প চলি আহিছে।
বৰ্তমান বহু শিক্ষিত কৰঙাৰ যূৱকে এই শিল্পৰ প্ৰতি আৰ্কষিত হৈ ঘৰতে শাল তৈয়াৰ কৰি পুৰ্ণ উদ্যামে আকৌ পুৰণি কলাক ধৰি ৰখাৰ লগতে বজাৰ দখলো কৰিবলৈ সক্ষম হৈছে।

byte-2

উল্লেখযোগ্য যে একমাত্ৰ কৰঙাৰ ডাব কটাৰী বিখ্যাত আছিল।কাৰণ নিৰ্মাণ শৈলী লগতে গুণগত মানৰ ডাব কটাৰী খন পিটলৰ নাল লগোৱা কটাৰী খন কৰঙাৰ বাহিৰে আন কতো নিৰ্মাণ হোৱা নাছিল।বৰ্তমান সময়ত মাত্ৰ এজন ব্যক্তিয়ে হে নিৰ্মাণ কৰিব পাৰে এই বিখ্যাত ডাব।কটাৰী।

byte-3

অতী গুৰুত্বপূৰ্ণ কথা যে যি সময়ত একাংশ শিক্ষীত যূৱকে কৰ্মসংস্হাপনৰ বাবে বহি ৰাজ্যলৈ গতি কৰিছে তেনেসময়তে কৰঙাৰ উদ্যমী যূৱক নিতুল দত্তই সমগ্র গাওঁখনৰ বহু সংখ্যক শাল তথা শালৰ গৰাকীক আৰ্থিক ভাৱে সহায় কৰা লগতে শিল সমুহত নিৰ্মাণ হোৱা সজুলী সমুহ ক্ৰয় কৰি ৰাজ্যৰ বিভিন্ন মেলা,বজাৰত উপলব্ধ কৰি বিক্ৰী বেৱস্হা কৰিছে।কৰঙাতে এখন বজাৰ সৃষ্টি কৰি এন কে এন্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ লগতে কৰঙাৰ দা-কটাৰী বিক্ৰী ব্যৱস্হা কৰিছে।আনহাতে বৰ্তমানৰ সময়ত বজাৰত চাহিদা পূনৰ বৃদ্ধি পাইছে জনালে যূৱক জনে।

byte-3

উল্লেখযোগ্য যে কৰঙাৰ বিখ্যাত এই শিল্পক পুনৰ জীৱিত কৰাৰ স্বাৰ্থত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই সাংসদ পুজিৰ পৰা ১৪ লাখ টকা অনুদান হিচাপে আগবঢ়াইছে।ইতিমধ্যে চাৰি লাখ টকা আগধন হিচাবে দিছে।অতি কম সময়ৰ ভিতৰতে কৰঙাৰ ঐতিহাসিক কমাৰ শিল্প ঠণ ধৰি উঠিবগৈ।ইয়াৰ লগতে কৰঙাতে
৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰাৰ ব্যৱস্থা কৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.