যোৰহাট,3ছেপ্টেম্বৰঃ আগন্তুক ৭ ছেপ্টেম্বৰত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-২ য়ে। এই চন্দ্ৰযান-২ৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে যোৰহাটৰ সন্তান ডঃ জিতেন্দ্ৰ নাথ গোস্বামী। পিচে এইবাৰ চন্দ্ৰযান ২ৰ লগত যোৰহাটৰ এগৰাকী ছাত্ৰীৰ নাম সাঙোৰ খাই পৰিছে। যোৰহাটৰ দেৱলিনাই ৭ ছেপ্টেম্বৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেলগে প্ৰত্যক্ষ কৰিব চন্দ্ৰত অৱতৰণৰ দৃশ্য । এই ঐতিহাসিক ক্ষণৰ বিৰল অভিজ্ঞতা প্ৰত্যক্ষ কৰিবলৈ পোৱা দেৱলিনা যোৰহাটৰ অ' এন জি চি কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী।
উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ মাজত মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষণ আৰু সজাগতা আনিবৰ বাবে ইচৰ'(ISRO)য়ে দেশৰ প্ৰতিখন ৰাজ্যতে অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজত অনুষ্ঠিত কৰিছিল এক বাচনি পৰীক্ষা। এই পৰীক্ষাত প্ৰথম আৰু দ্বিতীয় স্থান লৈ উত্তীৰ্ণ হোৱা প্ৰতিখন ৰাজ্যৰে দুগৰাকী ছাত্ৰ-ছাত্ৰীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চন্দ্ৰযান-২ অৱতৰণৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ ভিতৰত যোৰহাটৰ দেৱলিনাই পাইছে এই বিশেষ সুবিধা। সমগ্ৰ দেশৰ প্ৰায় ৬০ জন ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে সুবিধা লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে বাংগালোৰুস্থিত ইচৰ'ৰ কন্ট্ৰ'ল ৰুমৰ পৰা চন্দ্ৰযান ২ৰ অৱতৰণৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ। দেৱলিনা যোৰহাটৰ মালৌ আলিৰ সঞ্জীৱ হাজৰিকা আৰু গীতালি হাজৰিকাৰ কন্যা।