ETV Bharat / state

Interview with Iman Kalyani Oja : NID ৰ বাছনি পৰীক্ষাত ৪২ সংখ্যক লাভ ইমন কল্যানী ওজাৰ

author img

By

Published : Jun 25, 2023, 12:44 PM IST

ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত ৪২ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ ইমন কল্যানী ওজাই ৷ ইমন কল্যানী ওজাৰ সৈতে ই টি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷

National Institute Of Design exam
যোৰহাটবাসীৰ বাবে এক গৌৰৱৰ খবৰ
যোৰহাটবাসীৰ বাবে এক গৌৰৱৰ খবৰ

যোৰহাট, ২৫ জুন : যোৰহাটবাসীৰ বাবে এক গৌৰৱৰ খবৰ ৷ যোৰহাটৰ ইমন কল্যাণী ওজাই সদ্য ঘোষিত National Institute Of Design (NID)ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষাত ৪২ সংখ্যক স্থান অধিকাৰ কৰি চাৰি বছৰীয়া Bachelor of Design (B. Des) পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ যোগ্যতা অর্জন কৰিছে । ইমন কল্যাণী হৈছে জ্যেষ্ঠ সাংবাদিক তথা বৰ্তমান যোৰহাটৰ বাসিন্দা যোগেশ ওজা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰুমী মলীয়া ওজাৰ দ্বিতীয়া কন্যা ।

সততে অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে ঢুকি নোপোৱা এন আই ডিৰ দৰে দেশৰ শীর্ষ শিক্ষা প্ৰতিষ্ঠানত পঢ়িবলৈ যোগ্যতা অর্জন কৰি ইমনে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে । সৰুৰে পৰা গল্প-কবিতা লিখি, ছবি আঁকি ভাল পোৱা ইমনে নিজৰ প্ৰতিভাৰ বলত শিল্পকলা আৰু সংগীত চৰ্চাত মনোনিৱেশ কৰে ৷

জানিব পৰা মতে, ইতিমধ্যে ইমনে সংগীতত ভাতখানদে সংগীত বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীও লাভ কৰিবলৈ সক্ষম হৈছে । সহজ অৰ্থত ইমন এগৰাকী ভাল কণ্ঠশিল্পীও । ‘‘আনে যোৱা বাটে নোযোৱা ছোৱালীজনী’’য়ে ইতিপূৰ্বে National Institute of Fashion Technology (NIFT) ৰ বাছনি পৰীক্ষাতো ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১ সংখ্যক স্থান অধিকাৰ কৰি Bachelor of Design (B. Des) আৰু Indian Institute of Technology ( IIT) ত একে পাঠ্যক্ৰম পঢ়িবলৈও UCEED যোগে যোগ্যতা অর্জন কৰি থৈছে ।

অৱশ্যে তেওঁৰ প্ৰথম পচন্দ এন আই ডি । সুখৰ খবৰটো হ'ল ভূপালত অৱস্থিত নেচনেল ইনষ্টিটিউট অফ ডিজাইন, মধ্য প্ৰদেশলৈ তাই আমন্ত্ৰিত হৈছে । ইতিমধ্যে তাইৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছে আৰু অহা জুলাই মাহৰ প্ৰথম ভাগতে তাই ভূপাললৈ ৰাওনা হ'ব ।

উল্লেখযোগ্য যে, সমগ্ৰ ভাৰতবৰ্ষত আছে মাত্ৰ পাঁচখন National Institute of Design (NID) । সেই কেইখন হ'ল NID, Ahmedabad (Gujarat), NID, Bhopal (Madhya pradesh), NID, JORHAT (Assam) NID, Kurushetra (Haryana) আৰু NID, Vijayawada (Andhra Pradesh) । কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এই পাঁচখন শিক্ষা প্ৰতিষ্ঠানত দেশীয় ছাত্ৰ-ছাত্ৰীৰ বাবে স্নাতক পৰ্যায়ত আসনৰ সংখ্যা মাত্ৰ ৪২৫ খন ।

অৱশ্যে বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে কিছু আসন সংৰক্ষিত থাকে । তাপৰ্যপূৰ্ণ যে ছ’চিয়েল মিডিয়া যোগেদি কি দৰে প্ৰতিযোগিতামূলক পৰীক্ষা বাবে প্ৰস্তুতি চলাব পাৰি আৰু কি দৰে আয়ত্ব কৰিব পাৰি সেই সম্পৰ্কে বিৱৰি ক’লে ইমনে ৷

লগতে পঢ়ক : HSLC result 2023 : ভৱিষ্যতে এগৰাকী পদাৰ্থ বিজ্ঞানী হোৱা মন প্ৰথম স্থান প্ৰাপক হৃদম ঠাকুৰীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.