ETV Bharat / state

আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওপজা দিন - cm

আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওপজা দিন ৷ এই মহান ব্যক্তি গৰাকীৰ জন্মদিনত ব্যক্তিগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছে সমগ্ৰ ৰাজ্যবাসীয়ে ৷

jorhat_ex_cm_hitashor_saikia_brithday
আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ উপজা দিন
author img

By

Published : Oct 3, 2020, 8:53 AM IST

Updated : Oct 3, 2020, 9:57 AM IST

যোৰহাট, 3অক্টোবৰ: আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওপজা দিন ৷ কৰ্মই নামৰ আগত শোভা কৰা,অসমীয়া সমাজ আৰু ৰাজনৈতিক জীৱনৰ অদ্বিতীয় ব্যক্তিত্ব,সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে ৰাজ্যবাসীয়ে আজি সশ্ৰদ্ধ প্ৰণিপাত জনাইছে তেখেতলৈ ৷

1934 চনৰ 3 অক্টোবৰত জন্ম লাভ কৰিছিল হিতেশ্বৰ শইকীয়াই ৷ নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই তেওঁ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল ৷ তেওঁ বুৰঞ্জী বিষয়ক সন্মানীয় বিষয় হিচাপে লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । তেওঁ 1972 চনত শৰৎ চন্দ্ৰ সিংহৰ চৰকাৰত গৃহ,শিক্ষা আৰু জনসম্পৰ্কৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী আছিল । 1974 চনত তেওঁ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল ৷ 1972 চনত হিতেশ্বৰ শইকীয়া প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নাজিৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় ৷ 1983 চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বিজয়ী হয় । কংগ্ৰেছ দলৰ সৰ্বসন্মতিক্ৰমে হিতেশ্বৰ শইকীয়াক মুখ্যমন্ত্ৰীৰ পদৰ বাবে নিৰ্বাচিত কৰা হয় । 1983 চনৰ 27 ফেব্ৰুৱাৰীত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে । ইয়াৰ লগে লগেই অসমত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰে ।

লগতে পঢ়ক : মাটিৰ কৰ পোৱা টকাৰে আঁচনি ঘোষণা কৰিছে মন্ত্ৰী হিমন্তই: নগেন ডেকা

Last Updated : Oct 3, 2020, 9:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.