ETV Bharat / state

JEC celebrates Diamond Jubilee: তিনিকুৰি বসন্ত গৰকিলে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে

author img

By

Published : Dec 26, 2021, 6:56 PM IST

ৰাজ্যৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়ে সগৌৰৱেৰে পাৰ কৰিলে 60 টা বৰ্ষ ৷ 2020 চনত হীৰক জয়ন্তী বৰ্ষত ভৰি দিয়া ৰাজ্যৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠানখনে 26 আৰু 27 ডিচেম্বৰত উদযাপন কৰিছে হীৰক জয়ন্তী সমাৰোহ(JEC celebrates Diamond Jubilee) ৷

তিনিকুৰি বসন্ত গৰকিলে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে

যোৰহাট, 26 ডিচেম্বৰ : 60 টা বসন্তত ভৰি দিলে যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়ে ৷ এই উপলক্ষে মহাবিদ্যালয়খনত 26 আৰু 27 ডিচেম্বৰত উদযাপন কৰা হৈছে হীৰক জয়ন্তী বৰ্ষ(JEC celebrate Diamond Jubilee)ৰ অনুষ্ঠান ৷ দেওবাৰে সমাৰোহৰ প্ৰথম দিনটোৰ উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Eduaction minister in JEC Diamond Jubilee) , সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা ৷ হীৰক জয়ন্তী সমাৰোহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু কাৰিকৰী শিক্ষাৰ লগতে শিক্ষাৰ গুৰুত্বৰ ওপৰত ভাষণ প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷

আনহাতে, দেওবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হোৱা নতুন এচঅ’পিৰ প্ৰসংগ উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, নতুন এচঅ’পি প্ৰকাশ পালেও বন্ধ নহয় শিক্ষা প্ৰতিষ্ঠান ৷ লগতে তেওঁ কয় যে, শিক্ষা বিভাগত এতিয়াও বহু কাম কৰিবলৈ বাকী আছে আৰু কামসমূহ খৰতকীয়া কৰা হ’ব ৷

উল্লেখ্য যে, 1960 চনৰ 10 অক্টোবৰত সেই সময়ৰ শিক্ষামন্ত্ৰী দেৱেশ্বৰ শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানখনে 2020 বৰ্ষৰ 10 অক্টোবৰতেই অনুষ্ঠিত কৰিবলগীয়া হীৰক জয়ন্তী সমাৰোহ ক’ভিড কালীন পৰিস্থিতিৰ বাবে সম্ভৱপৰ হৈ উঠা নাছিল ৷

লগতে পঢ়ক: নগাঁৱত AJYCP ৰ কেন্দ্ৰীয় শিল্পী দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.