যোৰহাট, 12 জুলাই : যোৰহাটত ক’ভিড (Covid)ৰ কঠোৰ ব্যৱস্থাৱলী গ্ৰহণ কৰা সন্দৰ্ভত দেওবাৰে এক জৰুৰী বৈঠকত মিলিত হয় জিলা প্ৰশাসন (Jorhat District Administration) ৷ ক’ভিডক লৈ অৰ্ধ সামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ (Flag March) কৰাৰ লগতে জিলাখনত কঠোৰতম নীতি গ্ৰহণ কৰিব জিলা প্ৰশাসনে ৷ জিলাখনত ক’ভিডৰ সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে সোমবাৰৰ পৰা ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব জিলা আৰু আৰক্ষী প্ৰশাসন ৷ এই কথা ঘোষণা কৰে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন (Ashok Kumar Barman)য়ে ৷
উক্ত সভাত সকলোকে অধিক ক্ষীপ্ৰতাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় জিলা উপায়ুক্তই ৷ যোৰহাটত পৰৱৰ্তী দুদিন সম্পূৰ্ণৰূপে লক ডাউন দিয়াৰ সন্দৰ্ভত জিলা উপায়ুক্তই কয় যে, অনাহকত কোনো লোক বাহিৰলৈ যাব নোৱাৰিব ৷ কেৱল জৰুৰীকালীন সেৱাসমূহহে চলি থাকিব ৷
এইক্ষেত্ৰত সঠিক প্ৰমাণ-পত্ৰ লগত লৈ যাব লাগিব ৷ আনহাতে, প্ৰাতঃভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সভাপতিত্বত আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে আৰক্ষী অধীক্ষক অংকুৰ জৈন (Ankur Jain), অতিৰিক্ত উপায়ুক্ত, প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া, সহকাৰী আয়ুক্ত আৰু থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল ৷
উল্লেখ্য যে, ৰাজ্যত ক’ভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছিল যদিও শেহতীয়াকৈ ক্ৰমাৎ বৃদ্ধি পাই আছে ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ দেওবাৰৰ দিনটোত জিলাখনত 185 গৰাকী লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ৰাজ্যৰ এই ক’ভিড সংক্ৰমণক লৈ পুনৰ তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰ ৷ ৰাজ্যত লক ডাউন (Lockdown) অব্যাহত ৰখাৰ উপৰিও জিলাসমূহত ক’ভিডক লৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে আৰক্ষী-প্ৰশাসনে ৷
লগতে পঢ়ক : নাৰায়ণপুৰত সুলভ মূল্য চাউল বিতৰণত ব্যাপক কেলেংকাৰী