ETV Bharat / state

লক ডাউন ভংগ কৰিলে কঠোৰ শাস্তি সন্মুখীন হব লাগিব - Deputy Commisioner news

পুনৰ নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত যোৰহাটত সম্পূৰ্ণ বন্ধ থাকিব সুৰাৰ বিপনী সমুহ । যি সকল লোকে লক ডাউন ভংগ কৰিব তেওঁলোকে কঠোৰ শাস্তি সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰে উপায়ুক্তই ।

ETV BHARAT
লক ডাউন ভংগ কৰিলে কঠোৰ শাস্তি সন্মুখীন হব লাগিবঃ উপায়ুক্ত, ৰোচনি অপৰনজি কোৰাটি
author img

By

Published : Apr 15, 2020, 7:08 PM IST

যোৰহাট, 15 এপ্ৰিলঃ যোৰহাট জিলাত পূৰ্বতকৈ অধিক কঠোৰ হ'ব প্ৰসাশন ব্যৱস্থা ৷ এই কথা সদৰি কৰিলে যোৰহাটৰ উপায়ুক্ত ৰোচনি অপৰনজি কোৰাটিয়ে ৷

সমগ্ৰ বিশ্বতেই এতিয়া কৰ'ণা ভাইৰাছে আতংক ৷ যোৰহাট জিলা প্ৰশাসন ইতিমধ্যে পূৰ্বতকৈ অধিক কঠোৰ হ'ব বুলি সাংবাদ মাধ্যমৰ যোগেৰে উপায়ুক্ত ৰোচনি অপৰনজি কোৰাটিয়ে সদৰি কৰে ৷ আনহাতে চলিত বৰ্ষৰ ২০ এপ্ৰিল লৈকে পূৰ্বতকৈ জিলা প্ৰশাসন অধিক কঠোৰ হ'ব বুলিও মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে । ২০ এপ্ৰিলৰ পাছতহে কিছু শিথিলতা কৰা হ'ব বুলিও জনাই উপায়ুক্ত গৰাকীয়ে । তাৰোপৰি আজিৰ পৰা সমগ্ৰ যোৰহাটত তাৎক্ষণিক ভাৱে সুৰাৰ বিপণী সমূহো বন্ধ থাকিব বুলি আন মন্তব্য কৰে । পুনৰ নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব সুৰাৰ বিপণী সমূহ । যি সকল লোকে লক ডাউন ভংগ কৰিব তেওঁলোকে কঠোৰ শাস্তি সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰে ।

লক ডাউন ভংগ কৰিলে কঠোৰ শাস্তি সন্মুখীন হব লাগিবঃ উপায়ুক্ত, ৰোচনি অপৰনজি কোৰাটি

তদুপৰি সকলোৱে মাক্স পৰিধান কৰাটো বাধ্যতামূলক বুলিও উল্লেখ কৰে । যি সকলে মাক্স পৰিধান নকৰে সেই সকল লোক ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব বুলিও কয় উপায়ুক্তই । বিনা কাৰণত কোনো লোক যাতে ঘৰৰ পৰা ওলায় নাহে তাৰ বাবে ৰাইজক বিনম্ৰভাৱে আহ্বান জনাই উপায়ুক্ত ৰোচনি অপৰনজি কোৰাটিয়ে ৷ সকলো ৰাইজকে মাৰাত্মক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগ আৰু সচেতন হোৱাৰ উপৰিও চৰকাৰ তথা প্ৰশাসনক সহায় আৰু সহযোগিতাৰ বাবে আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক- হাইলাকান্দিত পশুখাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.