ETV Bharat / state

যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপাৰেঞ্জেয় কৰোটিৰ সংবাদমেল সম্বোধন - যোৰহাট জিলা উপায়ুক্তৰ সংবাদমেল সম্বোধন

শুকুৰবাৰে যোৰহাট চহৰত সংঘটিত অপৰাধৰ অনুসন্ধান ৰাইজক জনোৱাৰ উদ্দেশ্যে সংবাদমেল আয়োজন কৰে যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপাৰেঞ্জেয় কৰোটিয়ে ৷ বিগত বৰ্ষৰ আগষ্ট মাহত সংঘটিত হোৱা প্ৰায় ৭০ লাখ ৮০ হাজাৰ টকাৰ জালিয়াতিত বেংক কৰ্মচাৰী জড়িত থকাৰ সম্ভাৱনা সন্দেহ প্ৰকাশ কৰে জিলা উপায়ুক্ত গৰাকীয়ে

উপায়ুক্ত ৰৌশনী অপাৰেঞ্জেয় কৰোটি সংবাদ মেল
উপায়ুক্ত ৰৌশনী অপাৰেঞ্জেয় কৰোটি সংবাদ মেল
author img

By

Published : Jan 3, 2020, 9:36 PM IST

যোৰহাট, 3 জানুৱাৰী: যোৰহাট চহৰত সংঘটিত হোৱা বহু অপৰাধৰ অনুসন্ধান সমূহ কিদৰে আগবাঢ়িছে এই তথ্যসমূহ ৰাইজক জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে এখন সংবাদমেল আয়োজন কৰে যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপাৰেঞ্জেয় কৰোটিয়ে ৷ বিগত বৰ্ষৰ আগষ্ট মাহত সংঘটিত হোৱা প্ৰায় ৭০ লাখ ৮০ হাজাৰ টকাৰ জালিয়াতিত বেংক কৰ্মচাৰী জড়িত থকাৰ সম্ভাৱনা সন্দেহ প্ৰকাশ কৰে জিলা উপায়ুক্ত গৰাকীয়ে।

আনহাতে, বিগত আগষ্ট মাহত জিলা উন্নয়নৰ CIDF ফাণ্ডৰ পৰা জিলা উপায়ুক্ত গৰাকীৰ লগতে ফাইনেন্স এণ্ড একাউন্টেন্ট অফিচাৰ বন্দনা দেৱীৰ চহী জালিয়াতি কৰি ৬ খন চেকৰ জড়িয়তে দীপক বৰা নামৰ জিলা প্ৰশাসনৰ এজন নিলম্বিত কৰ্মচাৰীয়ে প্ৰায় ৭০ লাখ ৮০ হাজাৰ টকা সৰকোৱা বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। সংবাদমেলত দিয়া তথ্য অনুসৰি, দীপক বৰাই যোৰহাট শাখাৰ চেন্ট্ৰেল বেংকৰ যিটো একাউন্টৰ চহী জালিয়াতি কৰি টকা সৰকাই উক্ত একাউন্টৰ চহীৰ কতৃত্ব বৰ্তমানৰ উপায়ুক্ত লোৱা নাই ৷ তেনে ক্ষেত্ৰত বৰ্তমানৰ জিলা উপায়ুক্তগৰাকীৰ জাল চহীত ইমান মোটা অংকৰ ধন বেংক কতৃপক্ষই দীপক বৰাক দিলে সেইয়া এক ডাঙৰ ৰহস্য।

লগতে পঢ়ক: বৰঝাৰ বিমানবন্দৰত উপস্থিত বিৰাট কোহলী

চেন্ট্ৰেল বেংকৰ যোৰহাট শাখাৰ বিসংগতি ওপৰত ভিত্তি কৰি যোৰহাট জিলা উপায়ুক্ত গৰাকীয়ে যোৰহাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে। আনহাতে, বিগত ১৯ ফেব্ৰুৱাৰীত দীপক বৰাক যোৰহাট জিলা প্ৰশাসনৰ উন্নয়ন শাখাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ মুল অভিযুক্তৰ সন্দেহত আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰা বিত্তীয় খেলিমেলিৰ বাবে বিগত জুলাই মাহতে নিলম্বিত কৰা বুলিও সংবাদমেলযোগে জানিবলৈ দিয়ে।

যোৰহাট জিলা উপায়ুক্ত সংবাদ মেল।।সাংবদিকৰে হোৱা চাহ মেলত অৱগত কৰিলে বহু গুৰুত্বপূৰ্ণ কথা।।

বিগত আগষ্ট মাহত প্ৰায় ৭০ লাখ ৮০ হাজাৰ টকাৰ জালিয়াতিত বেংক কৰ্মচাৰী জড়িত থকাৰ সম্ভাৱনা থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপাৰেঞ্জেয় কৰোটিয়ে।
বিগত আগষ্ট মাহত জিলা উন্নয়নৰ CIDF ফান্ডৰ পৰা জিলা উপায়ুক্ত গৰাকীৰ লগতে ফাইনেন্স এন্ড একাউণ্ট অফিচাৰ বন্দনা দেৱীৰ চহী জাল কৰি ৬ খন চেকৰ জড়িয়তে দীপক বৰা নামৰ জিলা প্ৰশাসনৰ এজন নিলম্বিত কৰ্মচাৰীয়ে প্ৰায় ৭০ লাখ ৮০ হাজাৰ টকা সৰকাই নিছিল।কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে চেন্ট্ৰেল বেংকৰ যোৰহাট শাখাৰ যিটো একাউন্টৰ চহী জালিয়াতিৰে দীপক বৰাই টকা সৰকাই নিছিল সেই একাউন্টৰ চহীৰ কতৃত্ব বৰ্তমানৰ উপায়ুক্ত লোৱাই নাছিল। তেনে ক্ষেত্ৰত কেনেদৰে বৰ্তমানৰ জিলা উপায়ুক্ত গৰাকীৰ জাল চহীত ইমান মোটা অংকৰ ধন বেংক কতৃপক্ষই দীপক বৰাক দিলে সেইয়া এক ডাঙৰ ৰহস্য।এনেধৰণৰ চেন্ট্ৰেল বেংকৰ যোৰহাট শাখাৰ বিসংগতি ওপৰত ভিত্তি কৰি যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপাৰেঞ্জেয় কৰোটিয়ে যোৰহাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে।আনহাতে দীপক বৰাক যোৰহাট জিলা প্ৰশাসনৰ উন্নয়নৰ শাখাত বিগত ১৯ ফেব্ৰুৱাৰীত সংঘটিত হোৱা অগ্নিকান্ডৰ মুল অভিযুক্তৰ সন্দেহত আৰু পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰা বিত্তীয় খেলিমেলিৰ বাবে বিগত জুলাই মাহতে নিলম্বিত কৰিছিল।উল্লেখ যে আজিৰ এই সংবাদ মেলত যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপাৰেঞ্জেয় কৰোটিয়ে সাংবাদিক সকলক নৱবৰ্ষৰ ওলগ জনোৱাৰ লগতে এই বৰ্ষত যোৰহাট জিলাৰ প্ৰগতি তথা উত্তৰণৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি বদ্ধ হয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.