ETV Bharat / state

Press conference of Jorhat DC : যোৰহাটৰ উন্নয়নৰ বাবে জিলাখনক মৰম কৰাৰ আহ্বান উপায়ুক্তৰ - New recruitments in Assam

যোৰহাটৰ নৱ-নিযুক্ত উপায়ুক্ত পুলক মহন্তৰ সংবাদমেল (Jorhat DC Pulak Mahanta s press conference) ৷ শনিবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজন কৰে সংবাদমেলৰ ৷

Press conference of Jorhat DC
যোৰহাট নৱ নিযুক্ত উপায়ুক্ত পুলক মহন্তৰ সংবাদমেল
author img

By

Published : Feb 5, 2023, 12:05 PM IST

উপায়ুক্ত পুলক মহন্তৰ সংবাদমেল

যোৰহাট, 5 ফেব্ৰুৱাৰী : যোৰহাটৰ নৱ-নিযুক্ত উপায়ুক্ত হিচাপে যোগদান কৰিয়েই পুলক মহন্তই এক সংবাদমেলৰ আয়োজন কৰে ৷ বিগত 1 ফেব্ৰুৱাৰীৰ দিনা যোৰহাট জিলাৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে উপায়ুক্তগৰাকীয়ে ৷ শনিবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি জিলা উপায়ুক্ত পুলক মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে, সকলোৱে যোৰহাটক মৰম দিব লাগিব, তেতিয়াহে ইয়াৰ উন্নতি সম্ভৱ (Jorhat DC Pulak Mahanta s press conference) ৷

জিলাখনৰ প্ৰশংসাত সৰৱ হৈ উপাযুক্তগৰাকীয়ে কয় যে, অসমৰ বুকুত যোৰহাট জিলাখনে বহন কৰি আহিছে এক সুকীয়া পৰিচয় । ১২৫ বছৰীয়া হোৱা এই জিলাখনে জিলাবাসীক বহু দিলে ৷ এতিয়া জিলাখনক এক নতুন ৰূপত সজাই তুলিব লাগিব, লগতে জিলাখনক মৰম দিব লাগিব । তেতিয়াহে যোৰহাট জিলাৰ উন্নতি সম্ভৱ বুলি কয় উপাযুক্তগৰাকীয়ে (Press conference of Jorhat DC ) ৷

যোৰহাটখনক "মৰমৰ যোৰহাট" হিচাপে অভিহিত কৰি কাম কৰি যাব লাগিব । দ্ৰুত গতিত উন্নয়ন কৰা এখন জিলাত বহু সমস্যা থাকে । এই সমূহ পৰ্যায় ক্ৰমে দূৰ কৰিব লাগিব । চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ গাঁৱৰ শেষৰ মানুহজনলৈকে কঢ়িয়াই নিব পাৰিব লাগিব । প্ৰকৃত হিতাধিকাৰী বাচনি কৰি উলিয়াব পাৰিব লাগিব । এই ক্ষেত্ৰত সকলো বিভাগৰে গুৰু দায়িত্ব আছে । সকলো বিভাগ লগ হৈ জিলাখনক আগুৱাই লৈ যাব লাগিব (Developmental Project in Jorhat) ।

এই ক্ষেত্ৰত সংবাদ মাধ্যমৰো বিশেষ ভূমিকা আছে বুলি উল্লেখ কৰি উপাযুক্তগৰাকীয়ে কয় যে, চৰকাৰৰ কামসমূহক সংবাদ মাধ্যমে গঠনমূলক সমালোচনা কৰা উচিত । ই চৰকাৰক কাম কৰাত সহায় কৰিব । কিয়নো প্ৰত্যেক মুদ্ৰাৰ দুটা পিঠি থাকে । সংবাদ মাধ্যমে সঁচাকৈ বাতৰি হয় নে নহয় সেয়া চাই-মেলিহে বাতৰি পৰিৱেশন কৰা উচিত বুলি কয় নৱ-নিযুক্ত উপায়ুক্তগৰাকীয়ে ।

সংবাদমেলত উপায়ুক্ত গৰাকীয়ে লগতে কয় যে, বৰ্তমান সময়ত চৰকাৰী চাকৰিসমূহত সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হৈছে । সেই বাবে কৰ্মসংস্থাপনৰ বাবে বিকল্প পদ্ধতি নিৰ্বাচিত কৰিব লাগিব । বৰ্তমান সময়ত দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কৃষিৰ এক বিশেষ ভূমিকা আছে । আগন্তুক তিনি চাৰি বছৰত দেশৰ অৰ্থনীতি কৃষি নিৰ্ভৰশীল হৈ পৰিব । সেইবাবে সকলোৱে কৃষিৰ জৰিয়তে এক বিপ্লৱৰ সৃষ্টি কৰৰাৰ বাবে আগবঢ়ি আহিবলৈ আটাইকে আহ্বান জনায় (New recruitments in Assam) ।

কৃষকে বছৰত তিনিটা খেতিৰ ওপৰত গুৰুত্ব দিব লাগিব । তেনে কৰিলে বছৰত 12/13 লাখ টকা উপাৰ্জন সম্ভৱ হৈ উঠিব । তদুপৰি বৰ্তমান প্ৰজন্মকো খেতিৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব । আমি প্ৰত্যেকেই নিজৰ ভূমিত তিনি চাৰি জোপা প্ৰয়োজনীয় বৃক্ষ ৰোপণ কৰা উচিত । এটা সময়ত ইয়াৰ পৰা যথেষ্ট উপাৰ্জন সম্ভৱ হৈ উঠিব । যিসমূহ বিদ্যালয়ৰ চৌহদত দেৱাল অথবা বেৰ নাই, সেইসমূহ বিদ্যালয়ৰ চৌপাশে এক ডেৰ ফুট দূৰে দূৰে নেমু পুলি ৰোপণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উপাযুক্তগৰাকীয়ে উল্লেখ কৰে ।

নেমু গছ ডাঙৰ হলে, ই চৌদিশৰ বেৰাৰ কাম কৰিব আৰু ইয়াৰ কাঁইটৰ বাবে গৰু ছাগলীও চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব । লগতে, প্ৰত্যেক বিদ্যালয়তে ঠাই অনুসৰি 50 জোপাকৈ তুলসী পুলি ৰোপণ কৰাৰো ব্যৱস্থা কৰা হ’ব বুলি কয় নৱ-নিযুক্ত উপায়ুক্ত পুলক মহন্তই ।

লগতে পঢ়ক : Governor in Tinsukia: তিনিচুুকীয়াত কৃষি ক্ষেত্ৰৰ বিকাশত গুৰুত্ব দিবলৈ জিলা প্ৰশাসনক ৰাজ্যপালৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.