ETV Bharat / state

Diwali 2022: সেউজ দিপাৱলী উদযাপনৰ আহ্বান যোৰহাট জিলা উপায়ুক্তৰ

সেউজ দিপাৱলী উদযাপনৰ আহ্বান যোৰহাট জিলা উপায়ুক্তৰ(Call to celebrate Green Diwali) । শুকুৰবাৰে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আগন্তুক দিপাৱলী উদযাপনৰ নীতি-নিয়ম সম্পৰ্কীয় এখন সভাত এই কথা উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে(Jorhat DC meeting on Diwali) ।

author img

By

Published : Oct 21, 2022, 9:03 PM IST

Call to celebrate Green Diwali
দিপাৱলী সন্দৰ্ভত যোৰহাট জিলা উপায়ুক্ত বৈঠক

যোৰহাট,২১ অক্টোবৰ: শুকুৰবাৰে যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় আগন্তুক দিপাৱলী উদযাপনৰ নীতি-নিয়ম সম্পৰ্কীয় এখন সভা(Meeting related to rules of Diwali celebration) । সভাখনিত অংশগ্ৰহণ কৰে উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু স্বেচ্ছাসেৱী সংগঠন কৃষ্টিৰ কঠিয়া, সেৱা, দিচৈ ভেলী, ৰুদ্ৰাক্ষী, গীতা আশ্ৰম, সাৰথি বৃদ্ধাশ্ৰম আদি বহু কেইটা সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে(Jorhat DC meeting on Diwali) ।

উপায়ুক্ত গৰাকীয়ে সভাত অংশগ্ৰহণ কৰা লোকসকলৰ জৰিয়তে আগন্তুক দিপাৱলীক পোহৰৰ উৎসৱ হিচাপে পালন কৰিবলৈ যোৰহাটবাসীক আহ্বান জনায় । দিপাৱলী উদযাপনৰ নামত যাতে উচ্চ প্ৰাবল্যৰ আতচ-বাজী ফুটাই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট, পৰিৱেশ প্ৰদূষণ, শব্দ প্ৰদূষণ নকৰে আৰু পক্ষীকুল তথা বন্যপ্ৰাণীসমূহৰ বসতিস্থলৰ কোনো ক্ষতিসাধন নকৰে তাৰ প্ৰতি গুৰুত্ব বুজি পৰাপক্ষত বোমা, ফটকা আদি ফুটুৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলো ৰাইজক আহ্বান জনায় ৷

সভাত জিলাখনত প্ৰায় দহ হেজাৰ মাটি চাকি বিতৰণৰ ব্যৱস্থা কৰাৰ বিষয়ে উল্লেখ কৰে । লগতে অহা শনিবাৰে দিনৰ ২ বজাত সেউজ দিপাৱলী উদযাপনৰ উদ্দেশ্যে এক সজাগতা শোভাযাত্ৰা বাহিৰ কৰাৰো সিন্ধান্ত গ্ৰহণ কৰা হয়(Call to celebrate Green Diwali) ৷ স্বেচ্ছাসেৱী সংগঠন,স্থানীয় সচেতন ৰাইজৰ সহযোগত প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়ি তোলাৰ আহ্বানেৰে দিপাৱলীত ব্যৱহৃত কলগছবোৰ গীতা আশ্ৰমলৈ প্ৰেৰণ কৰাৰ সিন্ধান্তও গ্ৰহণ কৰে ।

আনহাতে সেউজ দিপাৱলী উদযাপনৰ উদ্দেশ্যে পোষ্টাৰ গোঁহাৰি আদি বিতৰণৰ যোগেদি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ স্বেচ্ছাসেৱী সংগঠন সমূহক দায়িত্ব অৰ্পন কৰা হয় ৷ সভাত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷

উল্লেখ্য যে Centre for Science and Environment ৰ তথ্য অনুসৰি ৰাজ্যৰ কেইবাখনো জিলা ইতিমধ্যেই ভয়ংকৰ প্ৰদুষণৰ কৱলত পৰিছে । CSE ৰ তথ্য অনুসৰি বিশেষকৈ দীপাৱলীৰ পিছত এই বায়ু প্ৰদূষণৰ মাত্ৰা অধিক উদ্বেকজনভাৱে বৃদ্ধি পায় । আৰ এই কথা স্বয়ং ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে(State Pollution Control Board) স্বীকাৰ কৰিছে ।

দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে দীপাৱলীৰ নিশা ৮ বজাৰ পৰা ১০ বজালৈ কেৱল দুঘণ্টাৰ বাবেহে সেউজ ফটকা ফুটোৱাৰ অনুমতি প্ৰদান কৰিছিল । কিন্তু ইমানৰ পাছতো অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি ফটকা, আতচ-বাজীৰ ফুটুৱাৰ সময়সীমা যথেষ্ট শিথিল কৰিছে ।

লগতে পঢ়ক: GMC Scam: ৬অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে চি এম ভিজিলেঞ্চে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.