ETV Bharat / state

লক ডাউনৰ পিছত চাহিদা বৃদ্ধি পাইছে চাইকেলৰ - চাইকেলৰ চলাচল বৃদ্ধি পাইছে যোৰহাটৰ ৰাজপথত

বিশ্বত বিগত তিনিমাহত সৰ্বাধিক হাৰত চাইকেল বিক্ৰী হৈছে ৷ কেৱল বিশ্বৰ প্ৰেক্ষাপটতে নহয় ৰাজ্যতো বৃদ্ধি পাইছে চাইকেলৰ চাহিদা ৷ শেহতীয়াকৈ যোৰহাট চহৰত দেখা গ'ল চাইকেলৰ পয়োভৰ ৷

jorhat-cycle-sales-on-upswing-post-lockdown
লক্ ডাউনৰ পিছত চাহিদা বৃদ্ধি পাইছে চাইকেলৰ
author img

By

Published : Jul 29, 2020, 7:09 PM IST

যোৰহাট,29 জুলাইঃ শৰীৰ চৰ্চাৰ বাবেই হওক বা লক ডাউনত সৃষ্টি হোৱা বাহনকেন্দ্ৰিক সমস্যাৰ বাবেই হওক মুঠৰ ওপৰত বৃদ্ধি পাইছে চাইকেলৰ চাহিদা ৷এটা সময়ত ৰাজ্যত চাইকেলৰ গুৰুত্ব বহুত বেছি আছিল ৷ বিভিন্ন বজাৰ সমাৰৰ পৰা কাৰ্যালয়লৈ যাবলৈ সততে ব্যৱহাৰ কৰা হৈছিল চাইকেলখন ৷

লক্ ডাউনৰ পিছত চাহিদা বৃদ্ধি পাইছে চাইকেলৰ

কিন্তু পুনৰ কৰ'ণা ত্ৰাসৰ পিছত চাইকেল বিক্ৰী হৈছে সৰ্বাধিক হাৰত ৷ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ৫ পৰা ২৫ হাজাৰ টকাৰ মূল্য চাইকেলৰ চাহিদা বৃদ্ধি পাইছে ৷

প্ৰশাসনে বৰ্তমান জাৰি কৰা যানবাহন কেন্দ্ৰিক কঠোৰ নিৰ্দেশনাৱলীৰ বাবে এতিয়া দুচকীয়া বাহনৰ সমান্তৰালভাৱে চাইকেলৰ চলাচল বৃদ্ধি পাইছে যোৰহাটৰ ৰাজপথত ৷ চহৰখনৰ বিভিন্ন দুচকীয়া পাৰ্কিং অঞ্চলত এতিয়া মটৰ চাইকেলৰ লগতে চাইকেলৰ ভিৰ ৷

ইয়াৰ উপৰিও যোৰহাটৰ আটাইতকৈ পুৰণি চাইকেল বিক্ৰী কৰা প্ৰতিষ্ঠান নিৰমল চাইকেল মাৰ্টত দৈনিক বৃদ্ধি পাইছে চাইকেল ক্ৰয় কৰা গ্ৰাহকৰ সংখ্যা।প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰীৰ মতে এতিয়া চাইকেলৰ নতুনকৈ ট্ৰেণ্ড আহিছে।যাৰফলত গ্ৰাহকে নিজৰ সুবিধা অনুযায়ী নিজৰ মন পচন্দৰ চাইকেল ক্ৰয় কৰিছে৷

লক ডাউনে যেন পুনৰ ঘূৰাই আনিছে চাইকেলৰ সেই সোণোৱালী দিনবোৰ ৷ পাৰিলে কেতিয়াবা আপুনিও চাইকেল চলাওক আৰু সুস্থ হৈ থাকক ৷

লগতে চাওকঃজন্মদিন বিশেষঃ বলীউডৰ খলনায়ক সঞ্জয় দত্তৰ কথাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.