যোৰহাট,11 ডিচেম্বৰ : যোৰহাটৰ পৰা অখিল গগৈৰ উদাত্ত ভাষণ । যদি ইন্টাৰনেটৰ সেৱা বন্ধ হয় অনিদিষ্ট কালৰ বাবে স্তব্ধ কৰি দিয়া হ'ব অসমক ৷ অসমৰ জনসাধাৰণলৈ অখিল গগৈ মুকলি আহ্বান অসমত ইণ্টাৰনেট সেৱা বন্ধ কৰিলে সকলো কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ৰ, ৰাজ্য চৰকাৰৰ কাৰ্যালয়, ৰে'ল সেৱা,ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়ক । অসমে ঘোষণা কৰক অৰ্থনৈতিক অৱৰোধ ৷ অসমৰে পৰা এটুকুৰা কয়লা, এটুপাল মিনাৰেল, নিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে ৷ লগতে অসমৰ জনসাধাৰণলৈ অখিল গগৈৰ আহ্বান কেব বাতিল নোহোৱা পৰ্যন্ত গণতান্ত্ৰিকভাৱে আন্দোলন চলাই থাকক ৷ যদি তাৰ পাছতো চৰকাৰে প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ কৰে, তেন্তে এই চৰকাৰখনক অসমৰ পৰা বাহিৰ কৰি দিয়া হওঁক ৷
লগতে পঢ়ক:ব্ৰহ্মপুত্ৰ উপত্যকাত ইন্টাৰনেট সেৱা বন্ধ