ETV Bharat / state

Jorhat AJYCP protest : NEIST ৰ নিযুক্তি প্ৰক্ৰিয়াত থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰাৰ অভিযোগত AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Apr 23, 2023, 9:01 PM IST

নেইষ্টৰ (NEIST)ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত থলুৱাক বঞ্চনাৰ ষড়যন্ত্ৰ ৷ এই অভিযোগ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ ৷ যাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে দেওবাৰে AJYCP য়ে সাব্যস্ত কৰে প্ৰতিবাদ (Jorhat AJYCP protest against NEIST) ৷

Jorhat AJYCP protest against NEIST
যোৰহাট AJYCP ৰ প্ৰতিবাদ
যোৰহাট AJYCP ৰ প্ৰতিবাদ

যোৰহাট, 23 এপ্ৰিল : আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদত বহিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সদস্যসকল ৷ শেহতীয়াভাৱে যোৰহাটস্থিত উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান চমুকৈ নেইষ্টৰ (NEIST)ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত থলুৱা লোকসকলক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বিৰুদ্ধে দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ (Jorhat AJYCP protest against NEIST) ৷

প্ৰতিবাদকাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই কয়, ‘‘কিছুদিন পূৰ্বে যোৰহাটৰ উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Northeast Institute of Science and technology) ত তৃতীয় বৰ্গৰ পাঁচটা পদ খালী হৈছিল । খালী হোৱা পদকেইটাৰ নিযুক্তিৰ বাবে প্ৰাথমিক পৰ্যায়ৰ সাক্ষাৎকাৰত অসমৰ লগতে অসমৰ বাহিৰৰ বহিঃৰাগত প্ৰাৰ্থীয়েও অংশগ্ৰহণ কৰিছিল । কিন্তু অতি পৰিতাপৰ বিষয় যে, প্ৰাথমিক পৰ্যায়ৰ সাক্ষাৎকাৰত নিৰ্বাচন কৰা মুঠ 41 গৰাকী প্ৰাৰ্থীৰ ভিতৰত গৰিষ্ঠ সংখ্যক প্ৰাৰ্থী ৰাজ্যৰ বাহিৰৰ’’ ।

তেওঁ কয়, ‘‘সমগ্ৰ প্ৰক্ৰিয়াটোত নেইষ্ট কৰ্তৃপক্ষই অসম বিদ্বেষী নীতিৰে অসমৰ প্ৰাৰ্থীসকলক বঞ্চনা কৰি বহিঃৰাগত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰিছে । নেইষ্টৰ বহিঃৰাগত শীৰ্ষ মহলৰ পৃষ্ঠপোষকতাত অসমৰ থলুৱা নিবনুৱাক এইদৰে ষড়যন্ত্ৰমূলকভাৱে বঞ্চিত কৰা অভিসন্ধি কৰা হৈছে ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কোনো কাৰণতে এনেধৰণৰ থলুৱা বিৰোধী স্থিতি সহ্য নকৰে’’ ।

তেওঁ আৰু কয়, ‘‘লাখ লাখ শিক্ষিত নিবনুৱা থকা অসমত চৰকাৰী বা বেচৰকাৰী অথবা অন্য ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানতেই হওক তৃতীয় বা চতুৰ্থ বৰ্গৰ পদত চাকৰি কৰিব পৰা নিবনুৱা যুৱক-যুৱতী আছে । তেনেস্থলত বহিঃৰাজ্যৰ বহিঃৰাগত প্ৰাৰ্থীক অসমত নিযুক্তি দিয়াটো অযুক্তিকৰ আৰু অনুচিত’’ ।

ইফালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে দেওবাৰে নেইষ্টৰ সঞ্চালকক নিযুক্তি প্ৰক্ৰিয়াত থলুৱাক বঞ্চনা কৰাৰ অভিযোগ তুলি শীঘ্ৰে নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে বুলি দাবী জনায় ৷ লগতে নেইষ্টত খালী হোৱা তৃতীয়বৰ্গৰ পদত সম্পূৰ্ণ 100 শতাংশ থলুৱা যুৱক-যুৱতীক নিযুক্তি দিবৰ বাবে এখনি স্মাৰক পত্ৰও প্ৰদান কৰে । অন্যথা অনাগত সময়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও স্মাৰক পত্ৰযোগে সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক : Amritpal Singh in Dibrugarh jail: অমৃতপাল সিঙৰ ঠিকনা এতিয়া ডিব্ৰুগড় কাৰাগাৰৰ বন্ধ কুঠৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.