ETV Bharat / state

যোৰহাটত জিলা প্ৰশাসনৰ হাঁহ-কুকুৰা বিতৰণ

author img

By

Published : Mar 23, 2022, 10:36 PM IST

মহিলা সবলীকৰণৰ উদ্দেশ্যে জিলা উপায়ুক্তৰ তৎপৰতাত বিভিন্ন ঠাইত হাঁহ কুকুৰাৰ পোৱালী বিতৰণৰ ব্যৱস্থা কৰা হয় ৷ মঙলবাৰে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়াসকলৰ উপস্থিতিত নিমাতী অঞ্চলৰ ভিতৰ ককিলা গাঁৱৰ অনুসূচিত মহিলাসকলক হাঁহ- কুকুৰাৰ পোৱালী বিতৰণ কৰে (Duck distribution in Jorhat) ৷

Duck distribution in Jorhat
যোৰহাটত জিলা প্ৰশাসনৰ হাঁহ-কুকুৰা বিতৰণ

যোৰহাট, 23 মাৰ্চ: যোৰহাটত মহিলা সবলীকৰণৰ উদ্দেশ্যে জিলা উপায়ুক্তৰ তৎপৰতাত বিভিন্ন ঠাইত হাঁহ কুকুৰাৰ পোৱালী বিতৰণৰ ব্যৱস্থা কৰা হৈছে ৷ মঙলবাৰে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়াসকলৰ উপস্থিতিত নিমাতী অঞ্চলৰ ভিতৰ ককিলা গাঁৱৰ অনুসূচিত মহিলাসকলক হাঁহ- কুকুৰাৰ পোৱালী বিতৰণ কৰে ৷ মুঠ ২০০ ইণ্ডিয়ান ৰাণাৰ আৰু খাকি কেম্পবেল জাতৰ এদিনীয়া হাঁহ পোৱালী বিতৰণ কৰাৰ লগতে ৩০ টা কুলিঙ্গ ব্ৰাউন জাতৰ কুকুৰা পোৱালী মহিলাসকলৰ মাজত বিতৰণ কৰা হয়(Duck distribution in Jorhat)৷

উপায়ুক্তগৰাকীয়ে বিতৰণী অনুষ্ঠানত উপস্থিত থাকি নথৈ আনন্দিত হোৱাৰ লগতে জিলাখনত নিবনুৱা সমস্যা কিছু পৰিমানে হ'লেও হ্ৰাস কৰাৰ উদ্দেশ্যে এনেধৰণৰ পদক্ষেপ হাতত লোৱা হৈছে বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত উপস্থিত স্থানীয় ৰাইজে গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে অন্যান্য ক্ষেত্ৰতো সহায় সহযোগিতা কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায় ৷

হাঁহ কুকুৰা বিতৰণী অনুষ্ঠানত সহকাৰী আয়ুক্তদ্বয় আয়ুসী জৈন, হৰে কৃষ্ণ ডেকা, জিলা পশু চিকিৎসা বিষয়া ভূপেন চন্দ্ৰ দাস, পশু চিকিৎসা বিষয়া ছাৰোৱাৰ ছাদেৰৰ লগতে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ প্ৰথমখন স্বতন্ত্ৰ বাজেট গৃহীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.