ETV Bharat / state

১১ বজাৰ লগে লগে যোৰহাটতো বন্ধ হ’ল ব্যৱসায়িক প্ৰতিষ্ঠান

ৰাজ্যত নতুন ক’ভিড এছ অ’ পি ৷ দিনৰ ১১ বজাৰ লগে লগে বন্ধ হ’ল ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ ৷ যোৰহাটত অধিক কঠোৰ দেখা গ’ল আৰক্ষী তথা প্ৰশাসন ৷

author img

By

Published : May 17, 2021, 4:57 PM IST

jorhat adminidtration strict after new covid sop
দিনৰ ১১ বজাৰ লগে লগে বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান

যোৰহাট, 17 মে': ক্ৰমাৎ জটিলতাৰ পিনে গতি কৰিছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি ৷ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাজ্য চৰকাৰে ক’ভিড নিয়ন্ত্ৰণৰ বাবে জাৰি কৰিছে নতুন ক’ভিড প্ৰট’কল । ১৬ মে'ৰ পৰা ৰাজ্যজুৰি পূৰ্বৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰা নিয়মৰ বিপৰীতে নতুনকৈ দিনৰ ১১ বজাত সকলো দোকান পোহাৰ বন্ধ কৰাৰ ঘোষণা কৰিছিল । লগতে দিনৰ ১২ বজাৰ পৰা কাৰ্ফিউ ঘোষণা কৰিছিল ।

তাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে যোৰহাটত দিনৰ ১১ বজাৰ লগে লগে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ প্ৰশাসনে মাইকযোগে ঘোষণা কৰা লগে লগে বন্ধ হৈ পৰিল সকলো ব্যৱসায় প্ৰতিষ্ঠান ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এইপৰ্যন্ত জিলাখনত মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 3,338 গৰাকী ৷ ইয়াৰে 1752 গৰাকী ক’ভিড ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে 1,576 গৰাকী ৰোগী বৰ্তমানো ক’ভিড পজিটিভ হৈ আছে ৷ তাৰোপৰি জিলাখনৰ 10 গৰাকীকৈ লোকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷

লগতে পঢ়ক : ক'ভিডৰ ভয়াৱহ পৰিস্থিতি: নিৰ্মাণখণ্ডত দেখা দিছে অচলাৱস্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.