ETV Bharat / state

যোৰহাটত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

author img

By

Published : Feb 1, 2021, 7:09 PM IST

শুৱালকুছিত নাগৰিকত্ব (সংশোধনী) আইন-2019ৰ বিৰুদ্ধে আছুকর্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ সেই প্ৰতিবাদস্থলীতেই অসম আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীক ৷ দেওবাৰৰ সেই ঘটনাৰ পাছতেই গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷

jorhat-aasu-protest
যোৰহাটত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

যোৰহাট, 1 ফেব্ৰুৱাৰী : পুনৰ প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থা ৷ সোমবাৰে ৰাজ্যজুৰি আছুৱে দাহ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৷

দেওবাৰে শুৱালকুছিত নাগৰিকত্ব (সংশোধনী) আইন-2019ৰ বিৰুদ্ধে আছুকর্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ সেই প্ৰতিবাদস্থলীতেই অসম আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীক ৷ দেওবাৰৰ সেই ঘটনাৰ পাছতেই গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে সদৌ অসম ছাত্র সন্থাই । আছু কৰ্মীৰ ওপৰত চৰকাৰে কৰা অত্যাচাৰৰ তীব্ৰ প্ৰতিবাদত যোৰহাট জিলা ছাত্র সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । লগতে কোনো কাৰণতে চৰকাৰৰ এই নীতিক ছাত্র সন্থাই কেৰেপ নকৰে আৰু চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী আছু কৰ্মীয়ে ৷

লগতে পঢ়ক: গুৱাহাটীৰ শ্বহীদ ন্যাস সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.