ETV Bharat / state

চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্য়াকাৰী আৰক্ষীৰ জালত

আৰক্ষীয়ে ইতিমধ্য়ে তদন্ত অব্যাহত ৰাখিছে বৰ্তমানলৈকেও কণিষ্ঠ চিকিৎসকজনক কিয় হত্যা কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই ৷

author img

By

Published : Sep 6, 2020, 9:53 AM IST

joraht-one-arrested-for-doctor murder
চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্য়াকাৰী আৰক্ষীৰ জালত

যোৰহাট, 6 ছেপ্তেম্বৰঃ যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা ৷ ২৪ ঘন্টাৰ ভিতৰতে আৰক্ষীৰ জালত জে কে এছ মেম'ৰিয়েল হমিঅ'পেথিক মহাবিদ্যালয়ৰ কণিষ্ঠ চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাৰীক আটক কৰিলে আৰক্ষীয়ে ৷ আৰক্ষীৰ জালত পৰা হত্যাকাৰীটোৰ নাম দিগন্ত তাঁতী ৷ যোৰহাটৰ টোকলাই চাহ গবেষণা কেন্দ্ৰৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰে হত্যাকাৰী দিগন্তক ৷

শুকুৰবাৰে নিশা যোৰহাটৰ চন্দন নগৰৰ বাইলেন-৪ স্থিত ভাড়া ঘৰৰ কোঠাত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল ডাঃ ৰাহুল বসুমতাৰীৰ মৃতদেহ ৷ ঘটনাৰ পিচতেই যোৰহাট আৰক্ষীয়ে তীব্ৰ অভিযান চলাই দেওবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় দিগন্ত তাঁতীক ৷ ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ডাঃ ৰাহুল বসুমতাৰীৰ ম'বাইল ফোন দিগন্ত তাঁতীৰ পৰা উদ্ধাৰ কৰিছে যদিও থণ্ডাৰ বাৰ্ড বাইকখন এতিয়াও উদ্ধাৰ হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.