টীয়ক, ২৯ জুলাই : কাকজান আঞ্চলিক ছাত্ৰ সন্থাই ৰুজু কৰা গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰিলে যোৰহাট বিজ্ঞান আৰু কাৰিকৰী প্ৰতিষ্ঠান(Jorhat institute of science and technology)ৰ অধ্যক্ষই । বুধবাৰে অগ্ৰিম জামিনৰ নিৰ্দেশ লৈ তেওঁ লাহদৈগড় আৰক্ষী চকীত উপস্থিত হয় অধ্যক্ষগৰাকী । কাকজান আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিষ্ঠানখনত অনিয়ম সংঘটিত হোৱা অভিযোগ উত্থাপন কৰি অধ্যক্ষকে ধৰি আন তিনিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । উজনি অসমৰ অন্যতম উচ্চ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান যোৰহাটৰ চতাইস্থিত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ নিযুক্তি আৰু কামৰ ঠিকা প্ৰদানক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত শিক্ষা প্ৰতিষ্ঠানখনৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাছিল যদিও অৱশেষত মুখ খুলিলে অধ্যক্ষই ।
বিগত কিছুদিন ধৰি প্ৰতিষ্ঠানখনত নিযুক্তিকেন্দ্ৰিক বিতৰ্ক আৰু বিভিন্ন শিতানত আৱন্টিত পুঁজিক লৈ বিতৰ্ক অব্যাহত থকাৰ লগতে খোদ অধ্যক্ষগৰাকী এই অনিয়মৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছে বুলি অভিযোগ তুলিছিল কাকজান আঞ্চলিক ছাত্ৰ সন্থাই । আনকি যোৱা ১৯ জুলাইত কাকজান আঞ্চলিক ছাত্ৰ সন্থাই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল । সম্প্ৰতি উক্ত গোচৰত অগ্ৰিম জামিন লাভ কৰিছে অধ্যক্ষগৰাকীয়ে । কাকজান ছাত্ৰ সন্থাই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে, এগৰাকী অধ্যক্ষই তৃতীয় বৰ্গৰ কৰ্মচাৰী নিযুক্ত কৰিব নোৱাৰে ।
লগতে পঢ়ক : মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ
২০১৯ চনৰ জুলাই মাহত কাৰিকৰী সঞ্চালকালয়ৰ নিৰ্দেশ মৰ্মে অজন্তা দত্তই নিযুক্তি লাভ কৰিছিল । একেদৰে উক্ত মাহতে কাৰ্যালয় সহায়কৰ পদত ক্ৰমে বিদ্যাৰ্থী বৰা, নৱনীতা বৰঠাকুৰে নিযুক্তি লাভ কৰিছিল । কাৰিকৰী সঞ্চালকালয়ৰ নিৰ্দেশনা মৰ্মেই ২০২১ বৰ্ষৰ ২৫ জুনত তিনিওগৰাকী কৰ্মচাৰীকেই পুনৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় । ইফালে, প্ৰতিষ্ঠানখনলৈ আৱন্টিত পুঁজিৰ নামত ব্যাপক জালিয়াতি সংঘটিত হোৱা বুলি কাকজান আঞ্চলিক ছাত্র সন্থাই অভিযোগ তুলিছে ।
খোদ সভাপতিগৰাকীয়েই প্ৰতিষ্ঠানখনত কেইবালাখ টকাৰ ঠিকা লাভ কৰা বুলি চৰ্চা চলি থকা বিষয় সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অধ্যক্ষগৰাকীয়ে । এই সন্দৰ্ভত তেওঁ কয় যে, যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ ক্ষতিপূৰণৰ নামত লাভ কৰা ধনৰাশিৰ পৰা মাটি পেলোৱাৰ নামত ২০১৬ বৰ্ষত ২ লাখ ৬৭ হাজাৰ টকা আৱন্টন দিয়া হৈছিল আৰু এই কামৰ ঠিকা লাভ কৰিছিল কাকজান আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সংকল্প গগৈ আৰু হেমন্ত গগৈয়ে ।
লগতে পঢ়ক : নিয়ন্ত্ৰণত আছে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ পৰিস্থিতি : SP সুধাকৰ সিং
নিবিদা অবিহনে অধ্যক্ষগৰাকীয়ে আৱন্টিত পুঁজি কেনেকৈ ব্যৱহাৰ কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, প্ৰতিষ্ঠানখনৰ উন্নয়নৰ কথা চিন্তা কৰি সেই সময়ৰ উপায়ুক্তগৰাকীয়ে তেতিয়াৰ এগৰাকী অতিৰিক্ত উপায়ুক্তক সভাপতিৰ দায়িত্ব দি এখন নিৰ্মাণ কমিটী গঠন কৰি দিছিল । উক্ত কমিটীৰ জড়িয়তেই ক্ষতিপূৰণৰ বাবদ লাভ কৰা পুঁজি ব্যৱহাৰ হৈছিল । আনহাতে, ২০২০ বৰ্ষতো সংকল্প গগৈৰ বাৰম্বাৰ হেঁচাতেই আলোক এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানক ১৪ লাখ টকাৰ বৈদ্যুতিকৰণ সম্পৰ্কীয় কাম-কাজৰ ঠিকা আৱন্টন দিয়া হৈছিল । একে সময়তে ই টি চি লেবৰেটৰী ডেস্কটপৰ নামতো সংকল্প গগৈয়ে প্ৰায় ৭ লাখ ১৫ হাজাৰ টকাৰ কাম নিবিদা অবিহনেই লাভ কৰিছিল বুলি মন্তব্য কৰিছে অধ্যক্ষগৰাকীয়ে ।
এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, স্বাভাৱিকতে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কোনো কামতেই জড়িত নহয় বুলি দাবী কৰি অহা কাকজান আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সংকল্প গগৈয়ে নিবিদা অবিহনেই লাভ কৰিছিল নেকি লাখ লাখ টকাৰ ঠিকা ? নে ঠিকা লাভ কৰাজন কাকজান আঞ্চলিক ছাত্র সন্থাৰ সভাপতিৰ পৰিৱৰ্তে আন কোনো সংকল্প গগৈহে ? কাকজান আঞ্চলিক ছাত্ৰ সন্থাই ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে কৰা তদন্তত পোহৰলৈ আহিব প্ৰকৃততে ঠিকাদাৰ সংকল্প গগৈ কোন আৰু কেনেকৈ এই অনিয়ম সংঘটিত হ'ল ।
লগতে পঢ়ক : শংকৰী ধৰ্ম-সংস্কৃতিক বিকৃতকৰণৰ অভিযোগ সত্ৰ মহাসভাৰ