ETV Bharat / state

যোৰহাটত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ সজাগতা সভা - Japanese encephalitis awarness camp at Jorhat

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে ব্যাপক ৰূপ লৈছে(Japanese encephalitis is caused panic in Assam) ৷ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে ইজনৰ পাছত সিজনকৈ লোক(Japanese encephalitis data Assam) । এই ৰোগৰ পৰা কিদৰে ৰক্ষা পাব পাৰি সেই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ যোৰহাটত আয়োজন কৰা হৈছে সজাগতামূলক সভা(Japanese encephalitis awarness camp at Jorhat) ।

japanese encephalitis awarness camp held in jorhat
যোৰহাটত অনুষ্ঠিত জাপানীজ এনকেফেলাইটিচ ৰোগ প্ৰতিৰোধৰ সজাগতা সভা
author img

By

Published : Jul 10, 2022, 11:01 AM IST

যোৰহাট,১০ জুলাই: বানে ৰাজ্যখনক জুৰুলা কৰাৰ পাছত এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ (Japanese encephalitis is caused panic in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে ব্যাপক ৰূপ লৈছে ৷ কেইবাখনো জিলাত এই ৰোগ ধৰা পৰাৰ লগতে বৰ্তমান বহু ৰোগী চিকিৎসাধীন হৈ আছে বিভিন্ন চিকিৎসালয়ত(Japanese encephalitis data Assam) ৷ সেয়ে যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হৈছে সজাগতামূলক সভা(Japanese encephalitis awarness camp at Jorhat) ৷

ইতিমধ্যে জিলাখনত মুঠ ১৭ জন ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে ৩ জন ব্যক্তিৰ মৃত্যুমুখত পৰিছে ৷ এই ৰোগ প্ৰতিৰোধৰ কাৰণে ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ ইতিমধ্যে বাঘচোং, কাকজান, ভগামুখ, নকচাৰী, তিতাবৰ, শলমৰা আটাইকেইটা উন্নয়ন খণ্ডৰ লগতে যোৰহাট আৰু মৰিয়নীটো স্থানীয় ৰাইজৰ মাজত এই ৰোগৰ পৰা বাচি থাকিবলৈ ল'বলগীয়া সাৱধানতা, এই ৰোগৰ পৰিত্ৰাণ আদিৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ সজাগতা সভাৰ অনুষ্ঠিত কৰা হয় ৷ ইয়াৰোপৰি ঠাইয়ে ঠাইয়ে ফ'গিং আৰু মাইকিঙৰো ব্যৱস্থা কৰা হয় ৷

উল্লেখযোগ্য যে,পশুপালন আৰু পশুচিকিৎসা বিভাগেও জিলাখনৰ বিভিন্ন ঠাইত গাহৰি পালক সকলক লৈ জাপানীজ এনকেফেলাইটিছ আৰু আফ্ৰিকান ছোৱাইন ফিভাৰৰ ৰোগ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰিছে ৷ ইতিমধ্যে বনাই,ঔগুৰি মিছিং গাঁও আদিৰ স্থানীয় পশুপালক সকলৰ মাজত সজাগতা সৃষ্টি কৰা হৈছে ৷

জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগ প্ৰতিৰোধ কৰিবলৈ জিলাখনৰ সমূহ জনসাধাৰণক নিজ নিজ ঘৰ তথা বাৰীত ম'হ উৎপত্তি হোৱা স্থলবোৰ বন্ধ কৰা,আঁঠুৱা ব্যৱহাৰ,পানী জমা হোৱা পাত্ৰ আৰু ঠাই পৰিস্কাৰ কৰি ৰখা, পুৱা গধূলি ধোঁৱা বা ধূনা দিয়া,পৰাপক্ষত হাত দীঘল কাপোৰ পৰিধান কৰা আদি নিয়মবোৰ মানি চলিবলৈ জিলা প্ৰশাসনে আহ্বান জনাই ৷

লগতে পঢ়ক: Eid celebration: আজি দেশজুৰি পালন ঈদ-উজ-জুহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.