ETV Bharat / state

Gamocha Controversy in Assam: মূৰ কাটি জোৰা দিয়াটো সমন্বয় নহয়: জনাৰ্দন দেৱ গোস্বামী

author img

By

Published : Mar 31, 2023, 2:13 PM IST

আকৌ গামোচা বিতৰ্ক (Gamocha Controversy in Assam) ৷ অসমীয়া আৰু বঙালী গামোচা জোৰা লগাই সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰা বঙালী সাহিত্য সভাৰ বিৰুদ্ধে বিভিন্নজনে ব্যক্ত কৰিছে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ৷ এই গামাচোৰ বিকৃতকৰণ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে (Janardan Goswami reacts on Assamese Gamocha Controversy)।

Janardan Goswami reacts on Assamese Gamocha Controversy
গামোচা বিতৰ্ক জনাৰ্দনদেৱ গোস্বামীৰ প্ৰতিক্ৰিয়া
গামোচা বিতৰ্ক সন্দৰ্ভত জনাৰ্দনদেৱ গোস্বামীৰ প্ৰতিক্ৰিয়া

যোৰহাট,31 মাৰ্চ : ‘‘অসমীয়া স্বভিমানী গামোচাক বিকৃত ৰূপত উপস্থাপন কৰি ৰাজ্য চৰকাৰ দুজনকৈ মন্ত্ৰীক পিন্ধাইছিল । তাৰ পিচতই সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে বিভিন্নজনে বঙালী সাহিত্য সভা বিৰুদ্ধে গোচৰ ৰজু কৰিছিল আৰু জনতা প্ৰতিবাদত সেও মানি ক্ষমা খুজিছিল বঙালী সাহিত্য সভাই ।’’ তিতাবৰ এক বিশেষ ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈ গামোচা বিতৰ্ক সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰিছে কমলাবাৰী সত্ৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে (Janardan Goswami reacts on Assamese Gamocha Controversy) ।

লগতে তেওঁ কয়, ‘‘বঙালী সাহিত্য সভাৰ মাধ্যমেৰে আজি যিখিনি কৰা হৈছে সেয়া সকলো পূৰ্ব পৰিকল্পিত বুলি মই ভাবো ৷ কাৰণ ডেৰ বছৰৰ আগতে বিমল বড়াক আগবঢ়োৱা হৈছিল সেই গোমোচা ৷ তাৰ পাচত একে কৰ্ম কৰিছে বঙালী সাহিত্য সভাই ৷ তেওঁলোকে ইখন গামোচাও কাটিছে, সিখন গামোচাও কাটিছে ৷ এনেদৰে মূৰ কেইটা কাটি যোৰা দি পিছত ক্ষমা খোজিলেতো সকলো শেষ হৈ নাযায় ৷ সেয়ে অনাগত দিনত এনে অপকৰ্ম নকৰিবলৈ তেওঁলোকক সকীয়াই দিছো ৷’’

তেওঁ আৰু কয়, ‘‘সমন্বয় হ’বলৈ হ’লে আত্মীক অনুভূতি আহিব লাগিব ৷ কেৱল হোজাইৰ প্ৰাক্তন বিধায়কগৰাকীৰ দৰে ভ্ৰম বকিব নালাগে ৷ যিসকলে দুখন গামোচা কাটি যোৰা দি যি কৰ্ম কৰিছে, সেয়া কেৱল অসমীয়াৰে নহয়, তেওঁলোকে নিজৰ গামোচাখন কাটিও অপমান কৰিছে ৷ এনে লোকৰ বিৰুদ্ধে চৰকাৰে উচিত ব্যৱস্থা কৰিব লাগে’’ ৷

উল্লেখ্য যে, শেহতীয়াকৈ সৃষ্টি হোৱা গামোচা বিতৰ্ক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া (Gamocha Controversy in Assam) । অসমীয়া স্বাভিমানী গামোচাৰ লগত বঙালীৰ গামোচাখন লগ লগাই যি সমন্বয়ৰ কথা কোৱা হৈছে, সেই সন্দৰ্ভত বিভিন্নজনে ব্যক্ত কৰিছে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ৷ আনকি এই গামোচা বিতৰ্ক সন্দৰ্ভত ৰাজপথলৈয়ো ওলাই আহিছিল দল-সংগঠনৰ লগতে ৰাজ্যৰ বহু সচেতন লোক ৷ গামোচা বিতৰ্কৰ এই অগ্নি আজিও উমি উমি জ্বলি আছে ৷

লগতে পঢ়ক : Protest against gamosa controversy : গুৱাহাটীত চোঁচৰালে সাংস্কৃতিক মন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.