ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত APCCৰ উদ্যোগত জনজাগৰণ অভিযান

author img

By

Published : Nov 17, 2021, 7:06 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিজেপি চৰকাৰৰ কু-শাসনৰ বিৰুদ্ধে আৰম্ভ কৰিছে জনজাগৰণ অভিযান । এই অভিযানৰ অংশ স্বৰূপে বুধবাৰে যোৰহাটত উলিওৱা হয় এক প্ৰতিবাদী সমদল । সমদলত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাসহ বহু কৰ্মী ।

APCC
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত APCCৰ উদ্যোগত জনজাগৰণ অভিযান

যোৰহাট,১৭ নৱেম্বৰ : ভাল দিনৰ সপোন দেখুওৱা বিজেপি চৰকাৰে (Bjp Govt) ৰাইজৰ সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে । কৰ'ণা (Corona) মহামাৰীৰ পাছত আৰ্থিকভাৱে সংকটত পৰা ৰাইজ এতিয়া আন এক সমস্যাত পৰিছে । প্ৰতিদিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি (Price hike) হৈছে । পেট্ৰ'ল-ডিজেলৰ পৰা আৰম্ভ কৰি খাদ্য সমাগ্ৰীৰ মূল্যবৃদ্ধিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণ ৰাইজক ।

যাৰ বাবে বিভিন্ন স্থানত মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । বিশেষকৈ বিৰোধী কংগ্ৰেছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপি নেতৃত্বধীন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । তেনে এক প্ৰতিবাদৰ অংশস্বৰূপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (APCC) যোৰহাট জিলাত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইফালে APCCৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ইতিমধ্যে আৰম্ভ হৈছে 'জনজাগৰণ অভিযান' (Janajagaran Abhiyan) শীৰ্ষক এই কাৰ্যসূচীৰ । এই কাৰ্যসূচী যোৰহাট জিলাত সফল কৰাৰ উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্য্যকৰী সভাপতি তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, জিলা কংগ্ৰেছৰ সভাপতি দীপ গগৈ আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ নেতৃত্বত জিলা কংগ্ৰেছৰ উদ্যোগত এক বিশেষ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ।

এই কাৰ্যসূচীত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈও (Gaurav Gogoi) উপস্থিত থাকে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থকে ধৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি জিলা কংগ্ৰেছ ভৱনৰ পৰা উলিওৱা হয় এক বিশেষ প্ৰতিবাদী সমদল । এই প্ৰতিবাদী সমদল উপায়ুক্তৰ কাৰ্যালয়ত শেষ হয় । লগে লগে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতা তথা কৰ্মীসকলে । সাধাৰণ ৰাইজৰ পৰিৱৰ্তে এই চৰকাৰে কেৱল পুঁজিপতিৰ বাবেহে কাম কৰে বুলি অভিযোগ তোলে কংগ্ৰেছ নেতাসকলে ।

লগতে পঢ়ক: GMC ELECTION : 2022ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.