ETV Bharat / state

আমেৰিকাৰ পাঠ্যক্ৰমত অৰণ্য মানৱ যাদৱ পায়েং

সেউজীয়া আৰু প্ৰকৃতিৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি তোলা অসাধাৰণ ব্যক্তিত্ব সম্পন্ন এগৰাকী মিচিং লোক যাদৱ পায়েং ৷ প্ৰকৃতি সংৰক্ষণৰ বাবে নিৰলস সাধনা কৰা যাদৱ পায়েং পৰিণত হৈছে এক জীৱন্ত কিংবদন্তিলৈ ৷

author img

By

Published : Oct 31, 2020, 12:17 PM IST

Jadav Payeng life story included in US syllabus
আমেৰিকাৰ পাঠ্যক্ৰমত অৰণ্য মানৱ

যোৰহাট,31 অক্টোবৰ : অসাধাৰণ ব্যক্তিত্ব সম্পন্ন এজন মিচিং লোক ৷ সেউজীয়া আৰু প্ৰকৃতিৰ সৈতে যি গঢ়ি তুলিছে এক আত্মিক সম্পৰ্ক ৷ যি সময়ত নিৰ্বনীকৰণে এক ব্যাধিৰ দৰে আমাৰ সমাজ তথা প্ৰকৃতিলৈ ভাবুকি কঢ়িয়াইছে, ঠিক তেনে সময়তে প্ৰকৃতি সংৰক্ষণৰ বাবে নিৰলস সাধনা কৰি গৈছে যাদৱ পায়েঙে ৷ একনিষ্ঠ সাধনাই আজি যাদৱ পায়েঙক পৰিণত কৰিছে এক জীৱন্ত কিংবদন্তিলৈ ৷

আমেৰিকাৰ পাঠ্যক্ৰমত অৰণ্য মানৱ

1980 চন, গোলাঘাট জিলা প্ৰশাসনে ককিলামুখৰ ঔৱানা চাপৰিত বনানিকৰণৰ প্ৰকল্প হাতত লয় ৷ এই প্ৰকল্পৰ এগৰাকী কৰ্মী হিচাপে তালৈ গৈছিল মুলাই অৰ্থাৎ যাদৱ পায়েং ৷ কাম শেষ হোৱাৰ অন্তত সকলো তাৰ পৰা উলটি আহিল, কিন্তু গছপুলিবোৰ প্ৰতিপাল কৰি তাতেই থাকি ৰ’ল পায়েং ৷ বৰ্তমান ঔৱনা চাপৰিৰ নাম হৈ পৰিল মুলাই কাঠনি ৷

2009 চনত জনচক্ষুত ধৰা পৰে যাদৱ পায়েঙৰ এই সাধনা ৷ তাৰ পাচৰে পৰা বিভিন্নজন আহিছে মুলাই কাঠনিলৈ, কেনেকৈ বালিচৰৰ পৰা মুলাই কাঠনি অৰণ্য হ’ল তাক জানিবলৈ ৷ বৰ্তমান মুলাই কাঠনিত আছে শতাধিক হাতী, হৰিণ আৰু 4 টা বাঘ ৷ আজি যাদৱ পায়েং সমগ্ৰ বিশ্বতে সমাদৃত ৷ 2012 বৰ্ষত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে পায়েঙক প্ৰদান কৰে ফৰেষ্ট মেন অৱ ইণ্ডিয়া অৰ্থাৎ অৰণ্য মানৱ উপাধি ৷ সেই বৰ্ষতে উইলিয়াম ডগলাছ মেক্ মাষ্টাৰ নামৰ এজন কানাডিয়ান ফটোগ্ৰাফাৰে নিৰ্মাণ কৰিছিল এখন তথ্যচিত্ৰ 'দ্য ফৰেষ্ট মেন' ৷ 2013 চনত সেই তথ্যচিত্ৰখনে কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে ৷

আমেৰিকাৰ পাঠ্যক্ৰমত অৰণ্য মানৱ

2015 চনত ভাৰতবৰ্ষৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে যাদৱ পায়েঙে ৷ যাদৱ পায়েঙৰ এই প্ৰকৃতি সাধনাৰ কাহিনী মহাৰাষ্ট্ৰ চৰকাৰে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছে ৷ শেহতীয়াকৈ আমেৰিকাতো ষষ্ঠ শ্ৰেণীৰ পাঠক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে যাদৱ পাঙেৰ জীৱন কাহিনী ৷

আমেৰিকাৰ পাঠ্যক্ৰমত অৰণ্য মানৱ

এটা বালিচৰৰ পৰা বিশ্বমুখী যাত্ৰা কৰা এইগৰাকী অসম সন্তানক লৈ গৌৰৱবোধ কৰিছে প্ৰতিগৰাকী অসমীয়াই ৷ সমগ্ৰ বিশ্বৰ বাবে এক উদাহৰণ হৈ ৰ’ব যাদৱ পায়েং আৰু মুলাই কাঠনি ৷

লগতে পঢ়ক : শুকুৰবাৰে সম্পন্ন আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.