টীয়ক, 8 ডিচেম্বৰ: আন্তঃগাঁথনি উন্নয়ণৰ নামত সময়ে সময়ে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকত ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা হয় বহু বিলাসী আঁচনি ৷ এই বিলাসী আঁচনিসমূহ ৰাইজৰ বাবে আৱন্টন হয় ঠিকেই, কিন্তু কাৰ্যতহে পৰিণত নহয় এই আঁচনিসমূহ ৷ সাধাৰণ জনতাক ঢুকি নাপায় এই আঁচনিসমূহে ৷ তাৰেই এক জলন্ত উদাহৰণৰ বিষয়ে উল্লেখ কৰা হৈছে আজিৰ এই প্ৰতিবেদনত ৷
টীয়ক সমষ্টিৰ অন্তৰ্গত কাকজান নদীৰ ওপৰত কমাৰ খাটোৱাল অঞ্চলত কৃষক ৰাইজৰ সুবিধাৰ্থে ২০০৯ চনতে নিৰ্মাণ কৰা হৈছিল এখন চুইচ গেট ৷ প্ৰায় ন কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল চুইচ গেটখন । চুইচ গেটখন নিৰ্মাণৰ সময়ত সেই অঞ্চলৰ বহু পৰিয়ালৰ ভূমিও অধিগ্ৰহণ কৰা হৈছিল (Incompleted irrigation project in Kakojan River) ৷
কেৱল ইমানেই নহয়, ভূমি অধিগ্ৰহণ কৰাৰ সময়ত একাংশ ভূমি দাতা পৰিয়ালক চাকৰি প্ৰদানৰো আশ্বাস দিছিল চৰকাৰে । ভূমিৰ উচিত মূল্য লাভ, চাকৰি তথা চুইচগেট স্থাপনৰ পাছত কৃষক সমাজৰ উপকাৰ আদি কথাবোৰত পতিয়ন গৈ ঠিকাদাৰক গেটখন নিৰ্মাণত সকলোৱে সহায় সহযোগিতা আগবঢ়াইছিল ৷ কিন্তু এই আশ্বাস আজি কোপতি আশ্বাস হৈয়ে থাকিল ৷ সুদীৰ্ঘ ১৩টা বছৰ অতিক্ৰম কৰিলে এই আঁচনিয়ে ৷ এই পৰ্যন্ত এইসকল ক্ষতিগ্ৰস্থ ৰাইজে চৰকাৰৰ ঘৰৰ পৰা লাভ নকৰিলে একোকে । লাভৰ মূৰত নিজৰ খেতি মাটি কেইডৰাও হেৰুৱাব লগা হ’ল । ভূমিও গ’ল, চাকৰিও নাপালে, কেৱল মাত্ৰ পালে নিৰাশা ৷
উল্লেখ্য যে বহুবাৰ এই সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও আজিও উত্তৰ নাপালে ৰাইজে । ইপিনে গেটখন নিৰ্মাণ হ’ল যদিও আজিও সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠা নাই । সেয়েহে এইবাৰ যিহেতু অসম চৰকাৰৰ কেবিনেট বৈঠক যোৰহাট জিলাত অহা ১৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি এই সমগ্ৰ বিষয়টো যাতে চৰকাৰী পক্ষ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰি তাৎক্ষণিকভাৱে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে তাৰ বাবে আহ্বান জনাইছে ভুক্তভোগী ৰাইজ তথা স্থানীয় দল সংগঠনে ।
লগতে পঢ়ক: Corruption in irrigation project: ৰঙিয়াত ভালুকৰ সাঙীত পৰিণত জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনি