ETV Bharat / state

ম’বাইল ৰিম’ট এক্সেছ হেক কৰি হেকাৰে লুটিলে ১২ লাখ টকা

যোৰহাটৰ চোলাধৰাৰ ড০ মোহন কাকতি নামৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ একাউন্টৰ পৰা এই বৃহৎ পৰিমাণৰ ধন লুট কৰে হেকাৰে ৷ অৱসৰপ্ৰাপ্ত বিষয়া অভিযোগ অনুসৰি এটা মেচেজ আহিছিল ব্যক্তিজনলৈ ৷ ফোনত কথা পাতি থাকোতেই মোহন কাকতিৰ মোবাইল হেক কৰি সকলো তথ্য সংগ্রহ কৰে হেকাৰে ৷

author img

By

Published : Jul 4, 2021, 4:38 PM IST

ম’বাইল ৰিম’ট এক্সেছ হেক কৰি হেকাৰে লুটিলে ১২ লাখ টকা
ম’বাইল ৰিম’ট এক্সেছ হেক কৰি হেকাৰে লুটিলে ১২ লাখ টকা

যোৰহাট, 4 জুলাই : এইবাৰ অসম আৰক্ষী (Assam police) লৈ হেকাৰৰ নতুন চেলেঞ্জ । আৰক্ষী যদি ডালে ডালে তেনেহ’লে চুৰ পাতে পাতে । যোৰহাটৰ এতিয়া এনে এক ঘটনাই অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছে । যোৰহাটত ম’বাইল ৰিম’ট এক্সেছ হেক কৰি এজন অৱসৰপ্ৰাপ্ত বিষয়াৰ বেংক একাউন্টৰ পৰা হেকাৰে প্ৰায় ১২ লাখ টকা লুট কৰি নিয়ে ৷

যোৰহাটৰ চোলাধৰাৰ ড০ মোহন কাকতি নামৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ একাউন্টৰ পৰা এই বৃহৎ পৰিমাণৰ ধন লুট কৰে হেকাৰে ৷ অৱসৰপ্ৰাপ্ত বিষয়া অভিযোগ অনুসৰি এটা মেচেজ আহিছিল ব্যক্তিজনলৈ ৷ তাৰ পাচত সেই মেচেজ অহা নম্বৰটো মোবাইল যোগে সংযুক্ত হয় ড০ মোহন কাকতিৰ সৈতে ৷

ফোনত কথা পাতি থাকোতেই মোহন কাকতিৰ মোবাইল হেক কৰি সকলো তথ্য সংগ্রহ কৰে হেকাৰে ৷ তাৰ পাচত হেকাৰে প্ৰায় ১২ লাখ টকা লুটি নিয়ে মোহন কাকতিৰ একাউন্টৰ পৰা ৷ হেকাৰে মুঠ ৯ টা ট্ৰেঞ্জেকচনৰ জৰিয়তে ট্ৰাঞ্চফাৰ কৰে এই বৃহৎ পৰিমাণৰ ধন ৷

হেকাৰৰ কবলত পৰে কাকতিৰ দুটাকৈ বেংক একাউন্ট ৷ 2 জুলাইৰ সন্ধিয়াৰ পৰা 4 জুলাইৰ দুপৰীয়ালৈকে হেকাৰৰ দলটোৱে ব্যক্তিজনৰ একাউন্টৰ পৰা লুটি নিয়ে ধনখিনি ৷ এই সন্দৰ্ভত ইতিমধ্যে কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে নতুনকৈ সংযোজন কৰা চাইবাৰ ক্ৰাইম শাখাত অভিযোগ দাখিল কৰিছে মোহন কাকতিয়ে ৷

যোৰহাট আৰক্ষী সক্ষম হ’বনে চতুৰ হেকাৰৰ কবলৰ পৰা ধন উদ্ধাৰ কৰিবলৈ ? নে আগৰ দৰে মাথো তদন্তৰ প্ৰক্ৰিয়াত শেষ হ’ব এই ঘটনা ।ঘটনা।।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.