ETV Bharat / state

BJP internal conflict : যোৰহাট বিজেপিত বিসম্বাদ; পুনৰ তিনি বিজেপি কৰ্মীৰ পদত্যাগ

author img

By

Published : Jun 6, 2023, 12:52 PM IST

কেতিয়া নিৰাময় হ’ব যোৰহাট বিজেপিৰ বিসম্বাদ (BJP internal conflict)। পুনৰ বিষয়বাব ত্যাগ কৰিলে তিনি বিজেপি কৰ্মীয়ে (BJP members resign in Jorhat)৷

Internal fight in Assam BJP
যোৰহাট বিজেপি বিষয়বাবৰ পৰাৰ পুন পদত্যাগ

যোৰহাট, 6 জুন : প্ৰকৃততে কি হৈ আছে যোৰহাট বিজেপিত ? কিয়নো সঘনাই ইজনৰ পাচত সিজনকৈ বিজেপি কৰ্মকৰ্তাই দল ত্যাগ কৰা দেখিবলৈ পোৱা গৈছে (Internal fight in Assam BJP) ৷ আজি অৰ্থাৎ মঙলাবৰে পুনৰ তিনিজন বিজেপি কৰ্মকৰ্তাই দল ত্যাগ কৰে (BJP members resign in Jorhat) ৷ সদ্য পদত্যাগী লোককেইজন ক্ৰমে যোৰহাট নগৰ মণ্ডলৰ উল্লাছ দাস, কলিয়াপানি মণ্ডলৰ বিনফ নেওগ আৰু যোৰহাট জিলা তথ্য প্ৰযুক্তি কোষৰ সদস্য ৰাজেশ পল ।

তথ্য অনুসৰি, যোৰহাট জিলা বিজেপিৰ পৰাৰ এই পৰ্যন্ত পদত্যাগ কৰা কৰ্মী তথা নেতাৰ সংখ্যা 12 জনলৈ বৃদ্ধি পালে ৷ অভিযোগ অনুসৰি, সকলোৱে পদত্যাগ অন্যতম কাৰণ হ’ল যোৰহাট জিলা বিজেপি সভাপতি হেমন্ত কলিতাৰ স্বেচ্ছাচাৰী আৰু একনায়কত্ববাদ । উল্লেখ্য যে, যোৰহাট জিলা বিজেপি বিসম্বাদৰ এটা ভিডিঅ’ সমাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগতে সংবাদ মাধ্যমত স্থান দখল কৰাৰ পিচৰ পৰাই যোৰহাট বিজেপি বিসম্বাদৰ জুই তথা আভ্যন্তৰীণ সংঘাত বৃদ্ধিৰ পাবলৈ ধৰে ৷

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতে যোৰহাট জিলা বিজেপি উপ সভাপতি হেমন্ত কলিতা, সাধাৰণ সম্পাদক ইশ্বৰ প্ৰসন্ন বৰদলৈ লগতে কেইবাজনো বিষয়ববীয়া পদবীৰ পৰাৰ পদত্যাগ কৰাৰ ধাৰাৰ আজিও অব্যাহত আছে । কিন্তু এই পৰ্যন্ত যোৰহাট জিলা বিজেপিত সৃষ্টি হোৱা বিসম্বাদ মষিমূৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে বিফল হৈছে ৰাজ্যিক বিজেপি । যদি অনাগত সময়লকৈ এই ধাৰা অব্যাহত থাকে তেতিয়া হ’লে যোৰহাটত বিজেপি ভেঁটি দূৰ্বল ন’হব সেয়া কোনেও নুই কৰিব নোৱাৰে ।

ইফালে যোৰহাট বিজেপিত চলি থকা ক্ষমতা কেন্দ্ৰিক যুজঁখন আঁতৰৰ পৰা চাই কংগ্ৰেছে সন্তুষ্টি লৈছে । ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোৱাৰ দৰে বিজেপিৰ বহু জ্যেষ্ঠ নেতাই লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰাৰ কথা কিমান দূৰ সঁচা হয় সেয়া সময়েহে ক’ব । কিন্তু এইটো কথা লুকাই থকা নাই যে, প্ৰকৃত বিজেপি কৰা বহু জ্যেষ্ঠ নেতা বৰ্তমান সময়ত অসন্তুষ্ট ৷

লগতে পঢ়ক : Internal Conflict in BJP: ভূপেন বৰাই কোৱাৰ দৰেই বিজেপিত আৰম্ভ হ’ল নেকি খহনীয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.