ETV Bharat / state

Sangpo resort incident : উদ্ভণ্ডালি কৰি আটক হ’ল বায়ুসেনা বাহিনীৰ 5 জোৱান

author img

By

Published : Apr 11, 2023, 8:50 AM IST

ভাৰতীয় বায়ুসেনা বাহিনীৰ একাংশ জোৱানে যোৰহাটৰ নিমাতী ঘাটত অৱস্থিত ‘‘চাংপো ৰিজৰ্ট’’ত কৰিলে উদ্ভণ্ডালি ৷ মদ্যপান কৰি ৰিজ’ৰ্টলৈ অহাৰ অভিযোগ ‘‘চাংপো ৰিজৰ্ট’’ কৰ্তৃপক্ষৰ ৷ আৰক্ষীয়ে আটক কৰিছে বায়ুসেনা বাহিনীৰ জোৱানকেইজনক (Indian air force soldiers harrased people) ৷

Indian air force soldiers harrased people
ভাৰতীয় বায়ু সেনা বাহিনীৰ একাংশ জোৱানৰ উদ্ভণ্ডালি

যোৰহাট, 11 এপ্ৰিল : যোৰহাটত চাঞ্চল্যকৰ ঘটনা ৷ সম্ভ্ৰমৰ দৃষ্টিৰে চাই অহা ভাৰতীয় বায়ুসেনা বাহিনীৰ একাংশ জোৱান সম্প্ৰতি গুণ্ডাগিৰিত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা অনুসৰি, যোৰহাট জিলাৰ নিমাতী ঘাটত অৱস্থিত ‘‘চাংপো ৰিজ’ৰ্ট‘’’ত সোমবাৰে উপস্থিত হৈছিল পাঁচজনীয়া বায়ুসেনা জোৱানৰ এটা দল । খাদ্য গ্ৰহণৰ উদ্দেশ্যৰে পাঁচজনীয়া বায়ু সেনা জোৱানৰ দলটো ৰিজ’টখনত উপস্থিত হ’ল যদিও তাত উপস্থিত হৈয়ে অভব্য, অশ্লীল গালি-গালাজ কৰাৰহে অভিযোগ তুলিছে ‘‘চাংপো ৰিজৰ্ট’’ কৰ্তৃপক্ষই (Indian Air Force soldiers bullying) ৷

‘‘চাংপো ৰিজৰ্ট’’ত উপস্থিত হৈ পোনপ্ৰথমে অভ্যৰ্থনাৰ দায়িত্বত থকা মহিলাগৰাকীক দুৰ্ব্যৱহাৰ কৰে বুলি ৰিজ’ৰ্ট কৰ্তৃপক্ষই অভিযোগ তোলে ৷ তাৰ পিচতেই খাদ্য বিচাৰি পাঁচজনীয়া জোৱানৰ দলটোৱে ‘‘চাংপো ৰিজৰ্ট’’ৰ কৰ্মচাৰীসকলক মাৰ-ধৰ কৰিবলৈ ধৰে বুলি জানিবলৈ দিয়ে ‘‘চাংপো ৰিজৰ্ট’’ কৰ্তৃপক্ষই ৷ তদুপৰি, ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰীকো জোৱানৰ দলটোৱে আক্ৰমণ কৰে বুলি জানিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে, এখন চুইফত ডিজায়াৰ বাহনত অহা বায়ুসেনা জোৱানৰ দলটোৱে অত্যাধিক সুৰাপান কৰি ৰিজ’ৰ্টখনলৈ আহিছিল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ‘‘চাংপো ৰিজৰ্ট’’ কৰ্তৃপক্ষই ৷ চুইফত ডিজায়াৰ বাহনখনৰ নম্বৰ হ’ল MH 15 EP 4594 (Indian air force soldiers harassed people) ৷

অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পিচতেই ‘‘চাংপো ৰিজ’ৰ্ট’’ কৰ্তৃপক্ষই আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ ঘটনা সম্পৰ্কত অৱগত হোৱাৰ পিচতে ভাৰতীয় বায়ুসেনা বাহিনীৰ কৰ্ণেলকে ধৰি বিভিন্ন বিষয়াববীয়াই ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ‘‘চাংপো ৰিজৰ্ট’’ কৰ্তৃপক্ষক প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

উল্লেখ কৰাটো প্ৰয়োজন যে, ইতিমধ্যে নিমাতী আৰক্ষীয়ে পাঁচজন বায়ু সেনা জোৱানক আটক কৰিছে । লগতে চুইফত ডিজায়াৰ বাহনখন জব্দ কৰিছে আৰক্ষীয়ে । ঘটনাটোৰ সৈতে জড়িত থকা বায়ু সেনা বাহিনীৰ জোৱানকেইজন হ’ল সুকুমাৰ দাস, অজয় কুমাৰ, পৱন ছেত্ৰী, কপিল যাদৱ আৰু বি এইছ ৰাথোড় (Sangpo resort in Jorhat)।

দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত এটা বিভাগৰ কৰ্মচাৰীৰ এনে আচৰণে বহুলোকৰ চকু কপালত তোলাৰ লগতে ভাৰতীয় বায়ুসেনা বাহিনীক মৰ্যাদাকো লাঘৱ কৰা পৰিলক্ষিত হৈছে (Jorhat police detained 5 Indian air force soldiers) ৷

লগতে পঢ়ক : Protest in Duliajan: শ্ৰমিকৰ প্ৰতিবাদত উত্তাল অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.