টীয়ক, 30 অক্টোবৰ: টীয়কৰ পীড়াকটা বলমা সংযোগী পথৰ কাষৰ পুঠিনদীৰ মথাউৰিৰ দাঁতিতে এক অসাধু ব্যৱসায়ী চক্ৰই চলাইছে অবৈধ ভাৱে মাটি খনন কাৰ্য ৷ ইয়াক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ এই অবৈধ খননৰ বাবে পুঠিনদীৰ মথাউৰিটো চিঙি বাৰিষাৰ সময়ত পূৱ পীড়াকটাৰ প্ৰায় 6 খনকৈ গাঁৱৰ ৰাইজক ক্ষতিগ্ৰস্ত কৰাৰ লগতে বৃহত্তৰ কৃষিভূমি বিনষ্ট কৰিব বুলি মন্তব্য কৰিছে অঞ্চলবাসীয়ে ৷ উল্লেখ্য যে,ৰাজকোষৰ ধনেৰে এই মথাউৰিটো মেৰামতি কৰা হৈছিল যদিও বৰ্তমান চৰকাৰখনে কৃষিৰ বাবে প্ৰদান কৰা আৰু নিজে ক্ৰয় কৰা টেক্টৰৰ কেইবাজনো ট্ৰেক্টৰৰ গৰাকীয়েই চলাইছে মথাউৰিটোৰ দাতিতে অবৈধ খনন ৷ কেইবাজনো ট্ৰেক্টৰৰ গৰাকীয়ে ভু-মাফিয়াৰ সহযোগত এই পুঠিনদীৰ মথাউৰিটোৰ দাঁতিকাষৰীয়া অঞ্চলত নিজ নিজ ব্যৱসায়িক লাভালাভৰ বাবে অবৈধ খনন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
এই ক্ষেত্ৰত বন বিভাগে কোনো কাণসাৰ নিদিয়াত বন বিভাগৰ কোনো উচ্চ পদস্থ বিষয়া ভূ-মাফিয়াৰে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে এই অবৈধ মাটি খননৰ বিৰোধিতা কৰি অতি সোনকালে প্ৰশাসনে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দুষ্ট চক্ৰটোৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰিছে সংগঠনটোৰ সদস্য সকলে ৷
লগতে পঢ়কঃ মাজুলীত ৰাসোৎসৱৰ শুভাৰম্ভণি