ETV Bharat / state

বৰহোলাত অবৈধ অস্ত্ৰসহ গ্ৰেপ্তাৰ এজনক

author img

By

Published : Aug 1, 2020, 1:28 PM IST

পোহৰলৈ আহিছে নাগালেণ্ডৰ পৰা অসমলৈ অবৈধ মাৰণাস্ত্ৰ আমদানিৰ ঘটনা ৷ শুকুৰবাৰে নিশা তিতাবৰৰ বৰহোলাত অবৈধ মাৰণাস্ত্ৰসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

illegal gun seized in Titabor Borholla
বৰহোলাত অবৈধ অস্ত্ৰ সহ গ্ৰেপ্তাৰ এজনক

তিতাবৰ,1 আগষ্টঃ শুকুৰবাৰে নিশা বৰহোলাৰ পানীখেতি অঞ্চলৰ পৰা অবৈধ মাৰণাস্ত্ৰসহ এজন লোকক গ্ৰেপ্তাৰ কৰে বৰহোলা আৰক্ষীয়ে ৷

বৰহোলাত অবৈধ অস্ত্ৰ সহ গ্ৰেপ্তাৰ এজনক

জানিব পৰা মতে, নাগালেণ্ডৰ আগোষ্টি লুথা নামৰ এজন যুৱকে এটা .22 বল্ট এক্সন ৰাইফল পানীখেতিৰ বুবুল চুতীয়াৰ বাসগৃহত এজন লোকক একলাখ টকাত বিক্ৰী কৰিবলৈ আনিছিল । ইফালে যোৰহাটৰ এ.এছ.পি প্ৰকাশ সোণোৱালৰ নেতৃত্বত বৰহোলা থানাৰ আৰক্ষীয়ে এই সন্দৰ্ভত খবৰ লাভ কৰাৰ পিছত এই অবৈধ ৰাইফলটো জব্দ কৰাৰ লগতে অবৈধ মাৰণাস্ত্ৰৰ সৈতে গ্ৰেপ্তাৰ কৰে বুবুল চুতীয়াক । অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ অভিযান ৷

লগতে পঢ়কঃ বিদায় শ্বহীদ প্ৰণয় কলিতা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.