যোৰহাট, ২৮ ফেব্ৰুৱাৰী: পৰিসমাপ্তি ঘটিল শতিকাটোৰ কৰুণ ঘটনাৰ । এক প্ৰকাৰৰ যমৰ ঘৰৰ পৰা ঘুৰি আহিছে বহু লোক । ইপিনে যিসকল লোকে দৃষ্টি শক্তি হেৰুৱা নাই সেই সকলৰ ভিতৰত কিছু লোকৰ মাজত কিন্তু দেখা দিছে এক নতুন ৰোগে ।
শতিকাৰ কৰুণ ঘটনাৰ পৰিসমাপ্তি বৰ্তমানৰ অৱস্থাত যিসকল ভাগ্যৰ প্ৰাণ ৰক্ষা পৰিল সেই সকলৰ ভিতৰত বহু কেইজনে চিৰ জীৱনৰ কাৰণে হেৰুৱালে দৃষ্টি শক্তি । কিন্তু কিছু সংখ্যক লোকৰ মাজত এক নতুন ৰোগে দেখা দিছে যাৰফলত তেওঁলোকক বান্ধী চিকিৎসা প্ৰদান কৰিব লগীয়া হৈছে । পুৱাৰ পৰা সুৰা আসক্ত হোৱাৰ ফলত এই সকল ৰোগীৰ মাজত "with drawl symptom" নামৰ ৰোগে দেখা দিছে । যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান 96 গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে । চিকিৎসালয়খনৰ চিকিৎসকে জনোৱা অনুসৰি কোনো ৰোগী বৰ্তমান সংকটজনক অৱস্থাত নাই আৰু বিষাক্ত সুৰা সেৱন কৰা কোনো লোকৰ মৃত্যু হোৱা নাই।
উল্লেখযোগ্য যে বছৰ বছৰ সুৰা পান কৰাৰ ফলত প্ৰায় সংখ্যক ৰোগীৰ মাজত এতিয়া Hallucination ,Delirium আদিৰ দৰে বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিছে । যি সকল ৰোগীৰ শৰীৰত এইৰোগে দেখা দিছে সেইসকল ৰোগীৰ হাত ভৰিৰ কপনি,ভ্ৰম বকা আদিৰ অৱস্থাৰ সন্মুখীন হোৱা ৰোগৰ প্ৰতিফলনে মানসিক ৰোগ বিভাগত ভিৰ কৰিছেহি ।