ETV Bharat / state

টীয়কত বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি নাম-কীৰ্তন - Teok holy song for elephant prevention

বিগত কিছুদিনৰ পৰা টীয়কৰ মেলং, চটাই আদি অঞ্চলত নিশা চলিছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ যাৰ বাবে অঞ্চলবাসীয়ে বিগত প্ৰায় এসপ্তাহ ধৰি ওৰে নিশা আতংকৰ মাজৰে পাৰ কৰিবলগীয়া হৈছে সময় ।

holy song for elephant prevantion at teok
টীয়কত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Dec 6, 2019, 11:14 PM IST

টিয়ক, 6 ডিচেম্বৰ : টীয়কৰ মেলং, চটাই আদি অঞ্চলত বিগত কিছুদিনৰ পৰা নিশা চলিছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ নিশা হ'লেই ঘৰ দুৱাৰ ভঙাৰ লগতে খেতি-বাতি নষ্ট কৰাৰ ফলত সমগ্ৰ অঞ্চলবাসীয়ে ওৰে নিশা আতংকৰ মাজৰে পাৰ কৰিবলগীয়া হৈছে । পথাৰৰ সোণগুটি চপোৱাৰ সময় আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ প্ৰাকক্ষণত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীৰ নেতৃত্বত অঞ্চলটোৰ সমূহ ৰাইজে নাম-কীৰ্তন কৰি নেদেখাজনৰ ওচৰত নবৈদ্য আগবঢ়াই ৷ বিগত প্ৰায় এসপ্তাহ ধৰি হাতীৰ জাকটোৱে নিশা ঘৰ-বাৰী তচনচ কৰি আহিছে ৷ উল্লেখ্য যে, মেলং অঞ্চলৰ এজন ব্যক্তিৰ শুই থকা অৱস্থাতে হাতীৰ গছকত প্ৰাণ যায় ৷ বন বিভাগে অঞ্চলটোত পহৰাৰ ব্যৱস্থা কৰিছে যদিও অঞ্চলটোৰ পৰা হাতীৰ জাকটো সম্পূৰ্ণৰূপে আঁতৰাই নিয়ালৈ বৰ্তমানলৈ সক্ষম হোৱা নাই ৷

টীয়কত বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিছাৰি নাম-কীৰ্তন

আৰু পঢ়ক : "অভিযুক্তই পলায়ন কৰিলে আৰক্ষীৰ হাতত গুলিচালনাৰ বাদে কোনে বিকল্প নাই"-স্বাতী

Intro:Body:টীয়কত বণ্য হস্তিৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিছাৰি নামকীৰ্তন
TEOK:বিগত কিছুদিনৰ পৰা গিবন অভায়াৰণ্যৰ দাঁতিকাষৰীয়া টীয়কৰ মেলং, চটাই আদি অঞ্চলত বণৰীয়া হস্তিয়ে নিশা সন্ত্ৰাস চলাই ঘৰ দুৱাৰ ভঙা তথা খেতি বাতি নষ্ট কৰাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলবাসীয়ে আতংকৰ মাজত বিনিদ্ৰ ৰজনি পাৰ কৰিবলগীয়া অৱস্থা আহি পৰিছে।পথাৰৰ সোণগুটি চপোৱাৰ এই সময়ত আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ এই প্ৰাকক্ষণত বন্য হস্তিৰ উপদ্ৰপৰ পৰা পৰিত্ৰাণ পাবলৈ চটাইস্হিত দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীৰ নেতৃত্বত অঞ্চলটোৰ সমূহ ৰাইজ একত্ৰিত হৈ আজি সন্ধিয়া হাতী অহা যোৱা কৰাৰ পথত ধূপ,চাকি জ্বলোৱাৰ লগতে এখনি শৰাই নবৈদ্য নেদেখাজনৰ ওচৰত আগবঢ়াই প্ৰাৰ্থনা তথা নামকীৰ্তন কৰি ইষ্টজনক সেৱা জনায়।উল্লেখযোগ্য যে বিগত প্ৰায় এসপ্তাহ এই হাতীৰ জাকটোৱে নিশা ঘৰ বাৰী তচনচ কৰাৰ লগতে মেলং অঞ্চলৰ এজন ব্যক্তি শুই থকা অৱস্থাতে হাতীৰ গছকত নিহত হৈছিল।বন বিভাগে পহৰাৰ ব্যৱস্থা কৰিছে যদিও অঞ্চলটোৰ পৰা হাতীৰ জাকটো সম্পূৰ্ণভাৱে আঁতৰাই নিবলৈ এই পৰ্যন্ত সক্ষম হোৱা নাই।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.