টীয়ক, 12 জুলাই : বান বিধ্বস্ত টীয়কৰ ঘোঁৰাচোৱা ৰাইজে নাৱেৰে সমবেত হৈ দেওবাৰে কৃষক নেতা অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নামঘৰত শৰাই আগবঢ়ায় । উল্লেখ্য যে, কৃষক নেতাগৰাকীৰ লগতে ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱালো কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
কৃষক নেতা কেইগৰাকীক চৰকাৰে ষড়যন্ত্ৰ কৰি কাৰাগাৰত কৰ’ণাৰ বীজাণু বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে একাংশই তেওঁলোকৰ মৰমৰ নেতাগৰাকীৰ আৰোগ্য কামনা কৰিছে ।
আনহাতে, অখিল গগৈৰ আৰোগ্য আৰু উন্নত চিকিৎসা প্ৰদানৰ দাবীত টীয়কৰ ঘোঁৰাচৰাত পালন কৰা হয় এই ব্যতিক্ৰমী কাৰ্যসূচী । গাঁওখনৰ বয়োজ্যেষ্ঠসকল একেলগ হৈ গাঁওখনৰ নামঘৰত আয়োজন কৰে নাম-প্ৰসংগৰ কাৰ্যসূচী । বানে গৰকা ঘোঁৰাচোৱাত অনুষ্ঠিত এই ব্যতিক্ৰমী প্ৰতিবাদৰ ভাষা বুজি পাবনে চৰকাৰে? ইয়াকে লৈ আশংকা প্ৰকাশ কৰিছে বয়োজ্যেষ্ঠসকলে ৷
লগতে পঢ়ক : কৰিমগঞ্জত দুই পক্ষৰ সংঘাতত নিহত এজন