ETV Bharat / state

ৰাইজে বিচাৰিলে সোণালী জয়ন্তী উদযাপন কৰাৰ মন হিতেন্দ্ৰ নাথ গোস্বামীৰ - বিজেপি

যোৰহাটত পঞ্চম বাৰৰ বাবে তথা দ্বিতীয় বাৰৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব পাই সাংবাদিকৰ আগত কি ক'লে হিতেন্দ্ৰ নাথ গোস্বামীয়ে ? ৰাইজে বিচাৰিলে সোণালী জয়ন্তী উদযাপন কৰাৰ মন হিতেন্দ্ৰ নাথ গোস্বামীৰ ।

ৰাইজ
ৰাইজ
author img

By

Published : Mar 6, 2021, 4:20 PM IST

যোৰহাট, ৬ মাৰ্চ: অসমৰ বিধানসভা সমষ্টিসমূহৰ ভিতৰত উল্লেখযোগ্য সমষ্টি হৈছে যোৰহাট বিধানসভা সমষ্টি । অসমৰ শিক্ষা আৰু সাংস্কৃতিক নগৰী হিচাপে খ্যাত যোৰহাট সমষ্টিত পঞ্চমবাৰৰ বাবে তথা দ্বিতীয় বাৰৰ বাবে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰে হিতেন্দ্ৰ নাথ গোস্বামীয়ে । টিকট লাভ কৰিয়েই আনন্দত মতলীয়া হৈ পৰে হিতেন্দ্ৰ নাথ গোস্বামীয়ে । পোন্ধৰ বছৰ অসম গণ পৰিষদৰ হৈ যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক আছিল । তাৰ পাছত বিজেপি দললৈ গমন কৰি বিজেপিৰ পৰা বিধায়ক হ'ল যোৰহাট বিধান সভা সমষ্টিৰ ।

ৰাইজে বিচাৰিলে সোণালী জয়ন্তী উদযাপন কৰাৰ মন হিতেন্দ্ৰ নাথ গোস্বামীৰ

শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাইজে বিচাৰিলে সোণালী জয়ন্তী উদযাপন কৰাৰ মন গোস্বামীৰ । পৰিয়ালৰ অনিচ্ছা থকা স্বত্বেও ৰাজনীতিৰ পথাৰলৈ আহিছিল । ৰাইজে যদি ৰাজনীতিৰ পথাৰত ৰূপালী জয়ন্তী পাতিবলৈ সুবিধা দিয়ে তেন্তে তেওঁ অতিশয় আনন্দিত হ'ব । উন্নয়ন সাধন কৰিবৰ বাবে অৰ্থনৈতিক উন্নয়ন অতি গুৰুত্বপূৰ্ণ । যিহেতু বিগত পাঁচ বছৰত বিজেপি চৰকাৰখন অৰ্থনৈতিকভাৱে সৱল হোৱাৰ বাবে উন্নয়ন কৰিব পৰা হৈছে । যোৰহাটৰ উন্নয়নৰ স্বাৰ্থত পুনৰ বাৰ ৰাইজৰ হকে কাম কৰাৰ পৰিকল্পনাৰে নিৰ্বাচনত অৱত্তীৰ্ণ হ'ব বুলি অৱগত কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে । লগতে বিজেপিয়ে কিমানখন আসন পোৱা বিষয়টোত একে আষাৰে নকলেও বিজেপিয়ে যে সংখ্যা গৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত কৰি মন্তব্য কৰে হিতেন্দ্ৰ নাথ গোস্বামীয়ে ।

লগতে পঢ়ক:গহপুৰৰ গমিৰিত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.