ETV Bharat / state

টীয়কত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

টীয়কত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ অভিযান চলায় প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫খনকৈ আসন লাভ কৰাৰ কথা উল্লেখ কৰে

author img

By

Published : Apr 6, 2019, 5:29 PM IST

টীয়কত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

টীয়ক, ৬ এপ্ৰিলঃ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । শনিবাৰে টীয়কত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শৰ্মাই যোৰহাট সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ অভিযান চলায় মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাৰ্থৰ বাবে প্ৰধানমন্ত্ৰী পদত মোডীক অধিষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে । লগতে, শৰ্মাই কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ কংগ্ৰেছৰ শাসন কালত হোৱা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰৱ হৈ কংগ্ৰেছক তুলাধূনা দিয়ে । আনহাতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫খনকৈ আসন লাভ কৰিব বুলিও দৃঢ়তাৰে মন্তব্য কৰে।

Intro:Body:টীয়কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা/ দেশৰ স্বাথৰ দলীয় প্ৰাৰ্থীতকে প্ৰধানমন্ত্ৰী পদত মোডীক অধিস্হিত কৰাতোহে প্ৰয়োজন :হিমন্ত
TEOK:নিৰ্বাচনী প্ৰচাৰ সভাত একেখন কেচেটকে বজাই শনিবাৰে টীয়কতো যোৰহাট সংসদীয় সমষ্টিৰ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ অভিযান চলায় বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।ভাষণত মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছকে আক্ৰমনৰ লক্ষ্য কৰি লৈ কংগ্ৰেছৰ শাসন কালত হোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰব হৈ কংগ্ৰেছক তুলাধূনা দিয়ে । ভাষণ প্ৰসংগত মন্ত্ৰী শৰ্মাই প্ৰাৰ্থীতকৈ ভাৰতবৰ্ষৰ পৰবৰ্তী প্ৰধান মন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীক পুনৰ নিৰ্বাচন কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰে । উল্লেখ্য যে টীয়কত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টীয়কৰ যিগৰাকী বিধায়িকা ৰেণুপমা ৰাজখোৱাক নিমাতী কইনা আখ্যা দি অকমণ্য বিধায়িকা বুলি সমালোচনা কৰিছিল সেইগৰাকী বিধায়িকাক কাষত বহুৱাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বক্তৃতাৰ ফুলজাৰি মৰা কাৰ্যকো একাংশই সহজে লব পৰা নাই ।ইয়াৰ পূৰ্বে সভালৈ হেলিকপ্তাৰেৰে অহা হিমন্ত বিশ্ব শৰ্মা টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ খেলপথাৰত অবতৰণ কৰাৰ সময়ত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰে চেলফি উঠাত ব্যস্ত হয়। লগতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫খনকৈ আসন পাব বুলি দৃঢ়তাৰে মন্তব্য কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.