ETV Bharat / state

শক্তি বিভাগৰ কৃপাত প্ৰাণৰক্ষা পৰিল যোৰহাটৰ দুই যুৱকৰ - অসম বিদ্যুৎ বিভাগ নিউজ

টীয়কৰ কাকজান কমাৰখাটুৱাল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় অঘটন ৷ চলন্ত বাইকৰ ওপৰত চিঙি পৰিল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ৷ ঘটনাক লৈ ৰাজপথত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে আবদ্ধ হৈ পৰে বহুটো যান-বাহন ৷

শক্তি বিভাগৰ কাণ্ডজ্ঞানহীনতা
author img

By

Published : Oct 19, 2019, 11:55 PM IST

Updated : Oct 20, 2019, 1:41 AM IST

টীয়ক,19 অক্টোবৰঃ উজনি নামনি সংযোগকাৰী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ অঘটন ৷ যোৰহাট জিলাৰ টীয়ক কাকজান কমাৰখাটোৱালত সংঘটিত হয় ঘটনাটো ৷

বাইক আৰোহীৰ ওপৰত শক্তি বিভাগৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰাৰ ফলতে সংঘটিত হয় অঘটন ৷ অৱশ্যে সম্ভাৱ্য বিপদৰ পৰা বাইক আৰোহী যুৱক দুজন ৰক্ষা পৰে যদিও বেয়াকৈ ক্ষতিগ্ৰস্ত হয় বাইকখন ৷ যোৰহাটৰ পৰা টীয়ক অভিমূখে গৈ থকা অৱস্থাতে ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱক দুজনৰ সৈতে সংঘটিত হয় ঘটনাটো ৷

শক্তি বিভাগৰ কাণ্ডজ্ঞানহীনতা

ঘটনাৰ পিচতে উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিৱেশ ৷ শক্তি বিভাগৰ এনে অকৰ্মণ্য কামৰ বাবে স্থানীয় ৰাইজে ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰায় ডেৰঘন্টা ধৰি পথ অৱৰোধ কৰাৰ পিচত ঘটনাস্থলীত লাহদৈগড় আৰক্ষীৰ লগতে কাকজান বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা আহি উপস্থিত হোৱাত পৰিস্থিতি শাম কাটে ৷

Intro:Body:টীয়কৰ কাকজান কমাৰখাটুৱাল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন/ চলন্ত বাইকৰ ওপৰত পৰিল উচ্চ বিদ্যুৎ পৰিৱাহী তাঁৰ/
উত্তপ্ত পৰিস্থিতি/ ঘাইপথ অৱৰোধ
TEOK:উজনি নামনি সংযোগকাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টীয়কৰ কাকজানৰ কমাৰখাটোৱালত ভয়ংকৰ অঘটন সংঘটিত হৈছে ৷কথমপি প্ৰাণ ৰক্ষা পৰে দুজন যুৱকৰ ৷ যোৰহাটৰ পৰা টীয়ক অভিমূখে গৈ থকা অৱস্থাত দুজন যুৱকৰ বাইকত হঠাৎ উচ্চ বিদ্যুৎ পৰিৱাহী তাঁৰ পৰি যায় ৷ অৱশ্যে কৌশলেৰে যুৱক দুজনে নিজৰ প্ৰাণ কোনোমতে ৰক্ষা কৰে।ঘটনাটো সংঘটিত হোৱাৰ পাছত স্হানীয় ৰাইজ তথা প্ৰত্যক্ষদৰ্শীয়ে ঘটনাস্হলীতে বিদ্যুৎ বিভাগৰ অমান্যতাক প্ৰতিবাদ জনাই পথ অৱৰোধ কৰে।প্ৰায় দেৰঘন্টাযোৰা এই পথ অৱৰোধত বহুতো যান বাহন আৱদ্ধ হৈ পৰে।অৱশ্যে লাহদৈগড় আৰক্ষীয়ে উতপ্ত পৰিস্থিতি কাবু সক্ষম হয় আৰু কাকজান উপসংমণ্ডলৰ কাৰ্যালয় কনিষ্ঠ অভিজন্তা আহি কালৈ ভিতৰত সম্পূৰ্ণ কাম কৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতিৰ সাম কাটে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কাকজান অঞ্চলত বিদ্যুৎ বিভাগৰ যথেষ্ট গাফিলতিৰ কাণ্ড ৰাইজে উত্থাপন কৰিছে।Conclusion:
Last Updated : Oct 20, 2019, 1:41 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.