যোৰহাট, ২০ অক্টোবৰ : পশু-পক্ষীৰ খাদ্য সামগ্ৰী প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় শস্য অসমতে উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে( Assam Agricultural University) । মঙলবাৰে এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয় ।
কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এই সভাত উজনিৰ কৃষি বিভাগৰ কেইবাগৰাকীও কৃষি বিষয়া, কৃষি বিজ্ঞানীসকল উপস্থিত থাকে । উজনিত দহ হাজাৰ হেক্টৰ ভূমিত মাকৈ আৰু এক হাজাৰ হেক্টৰ ভূমিত চয়াবিন খেতি কৰাৰ বিষয়ে আলোচনা কৰে সভাত উপস্থিত থকা ব্যক্তিসকলে ।
মাংস আৰু কণী উৎপাদন বৃদ্ধি কৰাৰ বাবে প্ৰচুৰ পৰিমাণে পশু-পক্ষীৰ খাদ্যৰ প্ৰয়োজন হয় । এই খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অসমে যাতে আন কোনো ৰাজ্যৰ ওচৰত সহায় বিচাৰিবলগীয়া নহয়, তাৰ বাবে অসমৰ কৃষিক্ষেত্ৰত বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।
পশু-পক্ষীৰ খাদ্য সামগ্ৰী প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা মাকৈ আৰু চয়াবিন খেতি যাতে কৃষকৰ বাবে লাভজনক হৈ পৰে, তাৰ বাবে পৰিকল্পনা কৰিছে কৃষি বিজ্ঞানীসকলে । মঙলবাৰে আয়োজিত উচ্চস্তৰীয় আলোচনা সভাৰ পাচত উজনি অসমত ১০ হাজাৰ হেক্টৰ ভূমিত মাকৈ আৰু এহাজাৰ হেক্টৰ ভূমিত মাকৈৰ খেতিৰ কৰা সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে কৃষি বিষয়াসকলে ।
মাংস আৰু কণী উৎপাদনত অসমক আগুৱাই নিয়াৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ সমান্তৰালকৈ এইক্ষেত্ৰত সম্পদ, প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰ সকলো দিশ বিশ্লেষণ কৰাৰ বাবে আঁচনি যুগুত কৰা হৈছে । ৯ খন জিলাৰ জিলা কৃষি বিষয়াসকলে জিলাসমূহত মাকৈ আৰু চয়াবিন খেতিৰ সম্ভাৱনীয়তাৰ বিষয়ত বক্তব্য আগবঢ়ায় ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাই কয় যে, পশু খাদ্য বা জীৱ-জন্তুৰ বাবে প্ৰয়োজনীয় খাদ্যৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ উৎপাদনৰ বৰ কম । সেয়ে মাংস আৰু কণী উৎপাদনৰ লগত জড়িত অসমৰ কৃষকসকলে সদায় আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । ফলত ব্যয় বেছি হয় আৰু কৃষকসকলৰ লাভ কম হয় । প্ৰয়োজনীয় কেঁচামাল যাতে অসমত কৃষকে নিজে উৎপাদন কৰিব পাৰে, সেই বিষয়ে চিন্তা কৰিব লাগিব বুলিও তেওঁ কয় ।
চৰকাৰে ২০২৬ চনৰ ভিতৰত মাংস আৰু কণীৰ উৎপাদন দুগুণ কৰাৰ বাবে লোৱা পদক্ষেপত তেওঁলোকেও সহযোগিতা আগবঢ়াই কেঁচামাল উৎপাদনত অসমক আগবঢ়াই নিব বিচাৰিছে বুলি ড° বিদ্যুৎ চন্দন ডেকাই জানিবলৈ দিয়ে । পদ্ধতিগতভাৱে গৱেষণা আৰু পৰিকল্পনা কৰি আগবাঢ়িব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।
আনহাতে, আলোচনাত অংশ লৈ যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয় যে, কৃষিক্ষেত্ৰৰে জড়িত উদ্যোগ তথা উদ্যোগীক আগবঢ়াই নিব লাগিব । আলোচনাৰ জৰিয়তে অহা ধাৰণাসমূহ কৃষকৰ মাজলৈ লৈ যাব লাগিব ।
তাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে লোৱা পদক্ষেপে অসমৰ কৃষিক্ষেত্ৰত পৰিৱৰ্তন আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে । কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই আলোচনাত অংশ লৈ কয় যে, গৱেষণা বাণিজ্যিকভাৱে লাভবান হ'ব পৰা ধৰণৰ হ'ব লাগিব । কৃষি আৰু বাণিজ্য একেলগে আগবঢ়াই নিব লাগিব ।
তাৰ বাবে তেওঁলোকে পদক্ষেপ হাতত লৈছে বুলি মন্তব্য কৰাৰ লগতে সকলোকে সহযোগ কৰিবলৈও আহ্বান জনায় । অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোঁহায়ে আঁত ধৰা আলোচনা সভাত সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে কয় যে, বিকল্প কৃষিৰ জৰিয়তে লাভৱান কৰিবলৈ কৃষকক আগ্ৰহী কৰিব তুলিব লাগিব । আলোচনাত চৰাইদেউ, তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী আৰু গোলাঘাট জিলাৰ কৃষি বিষয়াসকলে জিলাসমূহত মাকৈ আৰু চয়াবিন খেতিৰ সম্ভাৱনীয়তা আৰু সমস্যাৰ বিষয়ে বক্তব্য আগবঢ়ায় ।
কৃষি উদ্যোগী তথা বাহুবলী কণীৰ উৎপাদক আকাশ গগৈয়ে আলোচনাত এক অডিঅ' ভিজুৱেল প্ৰতিবেদন আগবঢ়ায় । কৃষি প্ৰযুক্তি কি কি দিশত আৰু কেনেকৈ আগবঢ়াই নিলে কৃষক উপকৃত হ'ব সেয়া আলোচনা কৰা হয় । আলোচনাত লোৱা সিদ্ধান্তসমূহ ৰাজ্যৰ কৃষি সঞ্চালকক বিশ্ববিদ্যালয়ে পৰামৰ্শ হিচাপে জনোৱাৰ সিদ্ধান্ত লয় ।
লগতে পঢ়ক: বৰাকত অসমীয়া ভাষাৰ অপমানৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা