ETV Bharat / state

শিৱসাগৰৰ আমিনুদ্দিনে নিৰ্মাণ কৰিছে জৈৱিক ছেনিটাইজেশ্যন যন্ত্ৰ - বীজাণু নিৰ্মূল যন্ত্ৰ

জৈৱিক দ্ৰব্যৰ ব্যৱহাৰৰ জৰিয়তে বীজাণু নিৰ্মূল যন্ত্ৰ নিৰ্মাণ কৰিছে শিৱসাগৰ অৰ্জনগুৰিৰ আমিনুদ্দিন আহমেদ নামৰ এগৰাকী উদ্ভাৱনকাৰীয়ে ৷ সোমবাৰে এই স্প্ৰে মেচিনৰ জৰিয়তে চেনিটাইজ কৰা হয় যোৰহাটৰ বালিবাটস্থিত মচজিদ ৷

herbal-sanitizer-spray-machine-invented-by-aminuddin-ahmed
শিৱসাগৰৰ আমিনুদ্দিনে নিৰ্মাণ কৰিছে জৈৱিক ছেনিটাইজেশ্যন যন্ত্ৰ
author img

By

Published : Jun 8, 2020, 8:37 PM IST

যোৰহাট, 8 জুনঃ শিৱসাগৰ অৰ্জনগুৰিৰ আমিনুদ্দিন আহমেদ নামৰ এগৰাকী উদ্ভাৱনকাৰীয়ে নিজাববীয়াকৈ একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছে বীজাণু নিৰ্মূলকৰণ যন্ত্ৰ ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে ব্যক্তিজনে ৷ কিন্তু সম্পূৰ্ণ জৈৱিক ভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে এই বিশেষ মেচিনটো ৷ আমিনুদ্দিন আহমেদে দাবী কৰিছে যে এই যন্ত্ৰৰ সহায়ত বীজাণুনাশক,শ্বাস,প্ৰশ্বাস সম্বন্ধীয় সমস্যা দূৰ হয় আৰু ই বায়ু নিৰ্মল কৰে।

শিৱসাগৰৰ আমিনুদ্দিনে নিৰ্মাণ কৰিছে জৈৱিক ছেনিটাইজেশ্যন যন্ত্ৰ
উল্লেখযোগ্য যে, এইগৰাকী উদ্ভাৱকে ইয়াৰ পূৰ্বে হাতী খেদা যন্ত্ৰও উদ্ভাৱন কৰিছিল । বৰ্তমান কৰ'ণা ভয়াৱহতা সময়ত সম্পূৰ্ণ থলুৱা ভাৱে উপলব্ধ বন ঔষধৰ পৰা নিৰ্মিত জৈৱ ঔষধ স্প্ৰে কৰি আহিছে মচজিদে মচজিদে। শিৱসাগৰ জিলাৰ পাছত যোৰহাটৰ ঐতিহাসিক বালিবাটৰ মচজিদত সোমবাৰে এই স্প্ৰে ব্যৱহাৰ কৰা হয় ৷ অৱশ্যে চৰকাৰী ভাৱে স্বীকৃতি লাভ কৰা নাই যদিও আমিনুদ্দিন আহমেদৰ দাবী এই জৈৱ বীজাণু নিৰ্মূল যন্ত্ৰৰ সহায়ত সহজে কৰ'ণাৰ ভাইৰাছক প্ৰতিহত কৰিব পৰা যাব ৷

লগতে পঢ়কঃনীতি-নিৰ্দেশনাৰ মাজেৰে মুকলি কৰা হ'ল শিৱদৌলৰ দোৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.