ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শিশুৰ মৃত্যু, পিযুষ হাজৰিকাৰ মন্তব্য - পিযুষ হাজৰিকা শেহতীয়া বাতৰি

বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা ৷ চিকিৎসা মহাবিদ্যালয়ত ক্ৰমাগত হাৰত বৃদ্ধি পোৱা শিশুৰ মৃত্যুক দুৰ্ভাগ্যজনক আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শিশুৰ মৃত্যু
author img

By

Published : Oct 23, 2019, 9:04 PM IST

যোৰহাট, 23 অক্টোবৰঃ যোৰহাটত চিকিৎসা মহাবিদ্যালয়ত ক্ৰমাগত হাৰত বৃদ্ধি পোৱা শিশুৰ মৃত্যুৰ পৰ্যবেক্ষণৰ বাবে বুধবাৰে চিকিৎসা মহাবিদ্যলয়খনত উপস্থিত হয় স্বাস্থ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা ৷ সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিলে ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ 1 অক্টোবৰৰ আজিলৈকে মহাবিদ্যালয়খনত 47 টাকৈ শিশুৱে মৃত্যুক সাবটি লৈছে ৷ বছৰটোৰ আন মাহৰ তুলনাত মৃত্যুৰ হাৰ 16 শতাংশলৈকে বৃদ্ধি পোৱা বুলি জনাই মন্ত্ৰীগৰাকীয়ে ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পিযুষ হাজৰিকা

পৰ্যবেক্ষণৰ পাচতেই সাংবাদিকৰ আগত চিকিৎসা মহাবিদ্যালয়খনৰ দুৰ্বল আন্তঃগাথনিৰ কথা স্বীকাৰ কৰিলে স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগন্তুক এমাহৰ ভিতৰত প্ৰসূতি আৰু শিশু স্বাস্থ্য বিভাগৰ আই চি ইউত সংযোজন কৰা হ'ব 25 খনকৈ নতুন বিচনাৰ ৷ ইয়াৰ বাবদ প্ৰয়োজনীয় 2 কোটি ধন মোকলাই দিছে ৰাজ্য চৰকাৰে ৷ আনহাতে, অহা এসপ্তাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনত নিয়োগ কৰা হ'ব ৩ গৰাকী স্ত্ৰী-ৰোগ বিশেষজ্ঞ, ২ গৰাকী শিশু ৰোগ বিশেষজ্ঞ, আৰু ২ জন এনাস্থেচিয়ান ৷

যোৰহাটত চিকিৎসা মহাবিদ্যালয়ৰ শিশুৰ মৃত্যুৰ ঘটনাৰ পিছত যোৰহাটত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুজ হাজৰিকা।।

অৱশেষত স্বীকাৰ কৰিলে ৰাজ্যৰ স্বাস্থ্য বিভাগে।দুৰ্ভাগ্যজনক আখ্যা দিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৪৫ জনকৈ শিশু মৃত্যুৰ ঘটনা।ইয়াৰ পৰা প্ৰমাণ হল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষৰ ফালৰ পৰা দিয়া স্পষ্টিকৰণত ভুল তথ্য দিছিল।যোৱা ১ অক্টোবৰ পৰা ২১ অক্টোবৰ লৈকে ৪৫ জনকৈ নৱজাতকৰ মৃত্যু হোৱা বাতৰি প্ৰচাৰ হৈছিল ETV bharat ত।কিন্তু এই তথ্য ক ন্যস্তাত কৰিছিল চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষ ই।আজি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুজ হাজৰিকাই আৰু দুজনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা লগে লগে বৃদ্ধি পায় ৪৭ জনলৈ।

বৰ্তমান লৈকে ৪৭ টা নৱজাতকৰ মৃত্যু ঘটিছে চিকিৎসা মহাবিদ্যালয় খনত।আৰু মৃত্যুৰ হাৰ ১৬% বৃদ্ধি হৈছে এই অক্টোবৰ মাহত।আৰু বৃদ্ধি হোৱাৰ আশংকা মন্ত্ৰী গৰাকীৰ।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে স্বীকাৰ কৰিলে চিকিৎসা মহাবিদ্যালয় খনৰ দুৰ্বল আন্তগাঠনি কথা।

এমাহৰ ভিতৰতে প্ৰসুতি আৰু শিশু স্বাস্থ্য বিভাগৰ আই চি ইউত নতুনকৈ সংযোজন হব আৰু ২৫ নতুন বিচনাৰ।তৎকালীন ভাৱে আৰম্ভ হব ২৪ অক্টোবৰ পৰা এই কাম।

অহা এটা সপ্তাহৰ ভিতৰত নিয়োগ কৰা হব ৩ গৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞ, ২ গৰাকী শিশু ৰোগ বিশেষজ্ঞ, আৰু ২ জন এনাস্হেচিয়াছ।

আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আন্তগাঠনি উন্নয়নৰ বাবে ঘোষণা ২ কোটি টকাৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.